16
Jul
2017

ডিজিটেল ডেস্কঃ মুম্বাই বুলিলেই হয়তো আপোনাৰ মনলৈ আহে সুউচ্চ অট্টালিকা আৰু বলিউডৰ কথা৷ কিন্তু এতিয়া এই অট্টালিকাসমূহ মহানগৰখনৰ বাবে হৈ পৰিছে আপদস্বৰূপ৷
সেইবাবে এতিয়াৰ পৰা এই উচ্চতা কমাব নাগিব এই অট্টালিকাবোৰে৷ অসামৰিক উৰণ সঞ্চালকালয়ৰ নাগৰিক উন্নয়ন নিয়ামকৰ অধীনত এই নিৰ্দেশ দিয়া হৈছে মহানগৰখনৰ ৭০টা অট্টালিকালৈ৷
মূলতঃ এই অট্টালিকাসমূহৰ উচ্চতাৰ বাবে বাধাৰ সৃষ্টি হয় বিমান পৰিবহন কৰা পথত৷ এই নিৰ্দেশ অনুসৰি বিলে পাৰ্লে, চান্তা ক্ৰুজ আৰু ঘাটকোপৰৰ ওচৰৰ অট্টালিকাসমূহে ৬০ দিনৰ ভিতৰত উচ্চতা কমাব লাগিব৷ কেৱল বিমান পৰিবহনৰ অসুবিধাই নহয় ইয়াৰে দুটা অট্টালিকা ৫০ বছৰতকৈ অধিক পুৰণি৷