
বৰক্ষেত্ৰীঃ গঁড় হত্যা ৰোধত বিফল তথা ৰাজ্যখনৰ সেউজীয়া পাহাৰসমূহ ৰক্ষা কৰাত বিফল হৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰ৷ ৰাইজে কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেতিয়াৰ বিৰোধী বিজেপিয়ে প্ৰতিমুহূৰ্তত কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰিছিল৷
নিৰ্বাচনতো গঁড় হত্যা, বনধ্বংস আদি বিষয় ইছ্যু হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিজেপি৷ কংগ্ৰেছৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাই বিজেপিয়ে শাসনলৈ আহে৷ এতিয়া কথা হ’ল পৰিৱৰ্তনৰ শ্ল’গান দি ৰাজ্যৰ ৰাজপাট দখল কৰা বিজেপি, অগপ আৰু বিপিএফ দলে ৰাজ্যখনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছেনে৷ বন ধ্বংসৰোধ কৰিবলৈ সক্ষম হৈছেনে৷ বন বিভাগক কাৰ্যক্ষম কৰিবলৈ সক্ষম হৈছেনে৷
যিটো বিষয়ৰ গইনা লৈ বিজেপিয়ে হৈ-চৈ কৰি ভোট ভিক্ষা কৰি শাসনৰ গাদীলৈ আহিছিল সেই বিভাগকটোক গুৰুত্ব সহকাৰে লৈছেনে? বন বিভাগটোৰ কাৰ্যালয়সমূহ মেৰামতি তথা কাৰ্যক্ষম কৰিছেনে? বিষয়া-কৰ্মচাৰীক কাৰ্যালয়সমূহত নিয়োগ কৰিছেনে? নে কেৱল পাহাৰ পৰিদৰ্শন, কাৰ্যালয়ত চাডেন ভিজিটেৰে চমক সৃষ্টি কৰিয়েই দায়িত্ব সামৰিছে বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই৷
বৰ্তমান সময়ত এনে বহু প্ৰশ্নই জোকাৰি গৈছে নলবাৰী জিলাৰ মুকালমুৱাৰ ৰাইজক৷ সভাই-সমিতিয়ে বিন বিভাগক সলনি কৰাৰ শ্ল’গান দিয়া বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বিভাগৰ কাৰ্যালয় জহিখহি যাবলৈ আৰম্ভ কৰাত ক্ষোভিত হৈ পৰিছে মুকালমুৱাৰ ৰাইজ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ কদৰ্যৰূপে বিভাগটোৰ ফোপোলা স্বৰূপ উদঙাই দিছে বুলি মন্তব্য কৰিছে অঞ্চলটোৰ ৰাইজে।
বনমন্ত্ৰীৰ দায়িত্ব লৈ দম্ভালি মৰা বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ এতিয়া আহৰি নাই কাৰ্যালয় মেৰামতি তথা বিষয়া-কৰ্মচাৰী নিয়োগ কৰাৰ। আৱাস গৃহ নথকাৰ বাবে বিষয়া-কৰ্মচাৰীয়ে ৰদ-বৰষুণত হাৰাশাস্তি খাই আহিছে। কাৰ্যালয়ত নাই এটুপি বিশুদ্ধ খোৱা পানী, শৌচাগাৰ, প্ৰস্ৰাৱগাৰ। বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে পানী এটুপি খাবলৈ আনৰ ঘৰলৈ যাবলগীয়া হয়৷
আনহাতে কাৰ্যালয়টোৰ অৱস্থাও তেনেই তথৈবছ। দুৱাৰ-খিৰিকি, চাল বুলিবলৈ কাৰ্যালয়টোত একো নথকাত পোনপটীয়াকৈ সূৰ্যৰ পোহৰ পৰাৰ লগতে বৰষুণ দিলে ভিতৰভাগ ভৰি পৰে পানীৰে৷ কাৰ্যালয় জহি খহি গৈ গুৰুত্বপূৰ্ণ ফাইল সমূহ পচিবলৈ আৰম্ভ কৰিছে। কাৰ্যালয়ৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে গছৰ তলতে কাৰ্যালয়ৰ কাম-কাজ চলাই আহিছে বিষয়া-কৰ্মচাৰীয়ে। বন বিভাগৰ কাৰ্যালয়ৰ এনে দুৰৱস্থাৰ প্ৰতি অবাধ দুৰ্নীতি বন্ধ কৰাত বিফল হোৱা বনমন্ত্ৰীগৰাকীৰ সুদৃষ্টি পৰিবনে বুলিও প্ৰশ্ন কৰিছে কাৰ্যালয়টোত কৰ্মৰত কৰ্মচাৰী তথা স্থানীয় ৰাইজে।