
নগাঁওঃ শাৰীৰিক অক্ষমতা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। প্ৰচণ্ড ইচ্ছাশক্তি থাকিলে শাৰীৰিক অক্ষমতাকো নেওচি সফল হ'ব পাৰি। শাৰীৰিক বাধাগ্ৰস্থতাৰ বাবেই হুইল চেয়াৰত বহি অৱশ হাতেৰেও পৃথিৱীৰ ৰং অংকন কৰিব লপালি৷ কলম হাতত লৈ পৰীক্ষাত ভাল ফলাফল কৰিব পাৰি৷ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত শাৰীৰিক অক্ষমতা হেঙাৰ হ’ব নোৱাৰে৷
ইয়াকে প্ৰমাণ কৰিলে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৰ বটদ্ৰৱা সমষ্টিৰ অতি পিছপৰা টাঙোনমৰাৰ বিশেষভাবে সক্ষম যুৱক মুকুট বৰাই৷ মানসিক ভাৱে শক্তিশালী সৃষ্টিশীল যুৱক মুকুট পুনৰ আহিছে চৰ্চালৈ। দুভৰিৰে খোজ কাঢ়িবলৈ অপাৰগ মুকুটে একপ্ৰকাৰে শাৰিৰীক বাধাগ্ৰস্ততাক বৌদ্ধিক বিচক্ষণাৰে পৰাভূত কৰি সৃষ্টিশীল গতি অব্যাহত ৰাখিছে।
তাৰেই উৎকৃষ্ট নিদৰ্শন হিচাপে নলবাৰী জিলাৰ বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত জিলাখনৰ শিয়ালমাৰিত সদৌ অসম ভিত্তিত অনুষ্ঠিত স্ব-ৰচিত কবিতা প্ৰতিযোগীতাত দ্বিতীয় স্থান অধিকাৰ কৰি নিজৰ জিলা তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰতিযোগীতাত ৰাজ্যৰ বিভিন্ন ঠাইৰ প্ৰায় ৮ শতাধিক কবিয়ে অংশগ্ৰহণ কৰিছিল। বিশেষ ভাৱে সক্ষম কুমাৰ মুকুট বৰাৰ “নীলকণ্ঠ” শীৰ্ষক কবিতাটোৱে শীৰ্ষ দহটা স্থান প্ৰাপ্ত কবিতাৰ ভিতৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হয়।
প্ৰতিযোগিতাত বিজয়ী কবিসকলক অহা ৮ এপ্ৰিলত গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হ’ব লগা এক সম্বৰ্ধনা অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হ’ব। স্মৰ্তব্য যে, জীৱনৰ আদিপাঠ গ্ৰহণ কৰাৰ মানসেৰে প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ সময়তে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অতি প্ৰতিভাবান যুৱক মুকুটে হেৰুৱাই পেলাইছিল দুভৰিৰে খোজ কঢ়াৰ ক্ষমতা।
তথাপিও এনে ঘটনাত তিলমানো ভাগি নপৰি তেনেকৈয়ে উচ্চতৰ মাধ্যমিক পৰ্যন্ত শিক্ষা গ্ৰহণ কৰি নিৰৱে কাৰ্ব্য চৰ্চাৰ লগতে গল্প, নাটক লিখি গৈছে মুকুটে। কাজেই, শাৰিৰীক অক্ষমতাক হেলাৰঙে স্বীকাৰ কৰি লৈ আন দহজন সক্ষম যুৱকৰ বাবেও তেওঁ হৈ পৰিছে এতিয়া পথ প্ৰদৰ্শক আৰু প্ৰেৰণাৰ অন্যতম উৎস৷