
ডিজিটেল ডেস্কঃ প্ৰায় আঢ়ৈটা দশকৰ অন্তত শাস্তি পালে ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণৰ অপৰাধীয়ে। আজি আদালতে আবু ছালেম আৰু ৫ জন অভিযুক্তক দোষী বুলি ৰায় দিয়ে৷
মূলতঃ বিস্ফোৰণত প্ৰয়োজনীয় অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সৰবৰাহৰ দোষত দোষী সাব্যস্ত কৰা হয় আবু ছালেমক৷
আদালতে আবু ছালেমৰ লগত মুস্তাফা দোছা, ফিৰোজ খান, তাহিৰ মাৰ্চেন্ট আৰু কৰীমুল্লা শ্বেখক দোষী সাব্যস্ত কৰে৷
তদুপৰি মুস্তাফা দোছাক ৰায়গড়ত অপৰাধীসকলক প্ৰশিক্ষণৰ বাবে পাকিস্তানলৈ পঠিওৱাৰ অপৰাধত, আব্দুল কয়ুমক সঞ্জয় দত্তৰ ওচৰত অস্ত্ৰ ৰখাৰ অপৰাধত, তাহিৰ মাৰ্চেন্টক কিছু লোকক পাকিস্তান পঠিওৱাৰ ষড়যন্ত্ৰত অপৰাধী বুলি ৰায়দান কৰে আদালতে৷
১৯৯৩ চনৰ ১২ মাৰ্চত মুম্বাইত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত ২৫৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭১৩ গৰাকী লোক আহত হৈছিল৷
২০০৭ চনত এই ঘটনাত অভিনেতা সঞ্জয় দত্ত, য়াকুব মেমনসহ ১০০ জন লোকক দোষী সাব্যস্ত কৰিছিল আদালতে৷ পৰৱৰ্তী সময়ত ২৩ গৰাকী লোকক জামিন দিয়া হৈছিল৷
আনহাতে এই ঘটনাত অভিযুক্ত ২৭ গৰাকী লোক এতিয়াও পলাতক অৱস্থাত আছে৷