ডিজিটেল ডেস্কঃ সপ্তাহটোৰ দ্বিতীয়টো বানৰ কবলত পৰিল মায়ানগৰী মুম্বাই৷ নেৰানেপেৰা বৰষুণৰ ফলয় ডুব যায় মায়ানগৰী৷ যাৰ ফলত যাতায়াত ব্যাহত হৈ পৰে স্কুল-কলেজ বন্ধ ৰাখিব লগা হয়৷ যানবাহনৰ লগতে বানৰ ফলত বিমান সেৱাটো ব্যাপক প্ৰভাৱ পৰে৷ এতিয়া একপ্ৰকাৰ পানীৰ তলত সম্ভ্ৰান্ত মানুহৰ মহানগৰ খন৷

দেশৰ বানিজ্যৰ কেন্দ্ৰস্থল মুম্বাই চহৰ সপ্তাহটোৰ দ্বিতীয়টো বানৰ কবলত পৰি হাজাৰ হাজাৰ লোকে হাহাকাৰ কৰিব লগা হৈছে৷ বানৰ কবলত পৰা ময়ানগৰীৰ স্কুল-কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি বন্ধ থকাৰ লগতে ৰেল সেৱা, বিমান সেৱা আদি বন্ধ থকা পৰিলক্ষিত হয়৷ জানিব পৰা মতে, মুম্বাই চহৰত মঙলবাৰৰ পৰা নেৰানেপেৰা বৰষুণৰ দি আহিছে৷ ২০১ মিলিমিটাৰ আৰু কাছ দাহানত বৰষুণৰ পৰিমান হয় ৩০৪ মিলিমিটাৰ বুলি জানিব পৰা গৈছে৷

নেৰানেপেৰা বৰষুণৰ ফলত জীয়াতু ভুগিব লগা হৈছে মুম্বাইবাসী৷ পথৰ দাতিৰ প্ৰকাণ্ড গছ উঘালি পৰাত ৰাজপথত আবদ্ধ হৈ পৰে সৰু-বৰ যানবাহন ৷ ১৫ খনকৈ বিমান বাতিল কৰাৰ লগতে মুম্বাইৰ পৰা দিল্লী আভিমুখী সকলো  বিমান পলমকৈ উৰা মাৰিব লগা হয়৷ মুম্বাই অভিমুখী ৫৬ খন বিমান উভতাই পিঠিওৱা হয়৷ ৪.৫ ফিট উচ্চতাত বৃদ্ধি হৈছে জলপৃষ্ঠ৷ বতৰ বিজ্ঞানীয়ে মায়ানগৰবাসীক সৰ্তক কৰি ২৪ ঘণ্টাৰ ভিতৰত উচ্চতা বৃদ্ধি হোৱাৰ সম্ভাৱনা থকা বুলি কয়৷