কাজিৰঙাঃ অইন চিকিৎসকৰ পঞ্জীয়ন নম্বৰেৰে জালিয়াতি কৰি ডিফলু চাহ বাগিচাত কাৰ্যনিৰ্বাহ কৰি আছিল ডাঃ অচ্যুত হাজৰিকা ওৰফে ঋষভ হাজৰিকাই। বোকাখাত প্ৰেছ ক্লাবৰ তৎপৰতাত মুখ্য চিকিৎসকৰ উপস্থিতিত জোলোঙাৰ মেকুৰী ওলাই পৰাত চাকৰি ইস্তফা দি পলায়ন কৰে স্বয়ম্ভূ চিকিৎসকজনে।

ইয়াৰ পূৰ্বতেও ডাঃ ঋষভ হাজৰিকা নামেৰে ভুৱা পঞ্জীয়ন নম্বৰেৰে খুমটাই চাহ বাগিছাত চিকিৎসক হিচাপে কাম কৰি গ্ৰেপ্তাৰো হৈছিল এইজন চিকিৎসক। খুমটাই চাহ বাগিছাত ৰূপম হাজৰিকা নামৰ দিল্লীত কৰ্মৰত এজন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰিছিল এই চিকিৎসকজনে।

২০১৬ চনৰ এপ্ৰিল মাহত ডাঃ ৰূপম হাজৰিকাৰ অভিযোগৰ ভিত্তিত খুমটাই আৰক্ষীয়ে নুমলীগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল স্বয়ম্ভূ চিকিৎসকজনক। আনহাতে ডিফলু চাহ বাগিছাত তেওঁ লখিমপুৰৰ ডাঃ অচ্যুত হাজৰিকাৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি চাকৰি কৰি আছিল।

বোকাখাত প্ৰেছ ক্লাবৰ উদ্যোগত এমেলগেমেটেড প্লেনটেচন প্ৰাইভেট লিমিটেডৰ মুখ্য চিকিৎসক ডাঃ পি খাউণ্ডে তদন্ত কৰিছিল। তিনিজনীয়া তদন্ত সমিতিৰ আগত ভুল স্বীকাৰ কৰে ডাঃ অচ্যুত হাজৰিকা ওৰফে ডাঃ ঋষভ হাজৰিকা ওৰফে উদ্ভৱ হাজৰিকাই। উল্লেখ্য যে জালিয়াতিৰে উজনিৰ বহু চাহ বাগিছাত কাম কৰিছিল এই জন স্বয়ম্ভূ চিকিৎসকে।