
মোৰাঝাৰঃ শুকুৰবাৰে দুপৰীয়া বিন্নাকান্দি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষত ডবকা ৰাজহ চক্ৰ বিষয়া অনুসূয়া শৰ্মাৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয়৷ সভাত বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত নৱনিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্য-সদস্যা সকলক শপত বাক্য পাঠ কৰায়৷ পিছত আঞ্চলিক পঞ্চায়ত সদস্য সদস্যা সকলে সভাপতি বাচনি নিৰ্বাচন কৰাৰ সময়ত দুজনৰ নাম প্ৰস্তাৱ হোৱাত ভোটদানৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷
ভোটদান প্ৰক্ৰিয়াত ডবকাৰ চাংমাজি পঞ্চায়তৰ সদস্য ফৰিজ উদ্দিনে ১৬ টা ভোট লাভ কৰাৰ বিপৰীতে জয়নগৰ পঞ্চায়তৰ সদস্য সভাপতি পদৰ প্ৰাৰ্থী আইনুল হকে ৮ টা ভোট লাভ কৰি পৰাজিত হয়৷
বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ সভাপতি ফৰিজ উদ্দিন নিৰ্বাচিত হোৱাত যমুনামুখ সমষ্টিত কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰে৷ উল্লেখ্য যে, নৱনিৰ্বাচিত বিন্নাকান্দি উন্নয়ন খণ্ডৰ সভাপতি ফৰিজ উদ্দিন চাংমাজি পঞ্চায়তৰ আঞ্চলিক সদস্য৷ ফৰিজ উদ্দিনে ১৬ টা ভোট লাভ কৰি নিৰ্বাচিত হোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আইনুল হকক মাত্ৰ ৮ টা ভোটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ উপ-সভাপতি আমবাৰি পঞ্চায়ত সদস্যা শ্বেফালী দে নিৰ্বাচিত হয়৷
কংগ্ৰেছৰ দখলত বিন্নাকান্দি গঠন হোৱাত কংগ্ৰেছী নেতা কৰ্মী সকলৰ মাজত এক আনন্দৰ জুৱাৰ উঠা পৰিলক্ষিত হয়৷ নৱ-নিৰ্বাচিত সভাপতি ফৰিজ উদ্দিন, উপ-সভাপতি শ্বেফালী দেক হোজাই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুহিনা ওৱাৰিছ, বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন, কংগ্ৰেছ নেতা মাহমুদ হুছেইন, মোৰাঝাৰ জিলা পৰিসদৰ সদস্যা ৰেজিয়া চুলতানা, নীলবাগান জিলা পৰিষদৰ সদস্য নেৱাজ উদ্দিন চৌধুৰী, ডবকা জিলা পৰিষদৰ সদস্য নুৰ আহমদ, চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য কামাল উদ্দিন ফাৰুকী আৰু ডবকাৰ চাংমাজি পঞ্চায়তৰ সভানেত্ৰী মিনাক্ষী বাগলাৰীৰ লগতে স্থানীয় দল সংগঠনে শুভেচ্ছা জনায়৷
উল্লেখ্য যে, কালি ব্লক গঠনৰ ক্ষেত্ৰত যমুনামুখ কংগ্ৰেছৰ মাজত লবীকেন্দ্ৰিক ৰাজনীতিৰ সৃষ্টি হোৱাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যিহেতু কংগ্ৰেছৰ সংখ্যা গৰিষ্টতা থকাৰ পিছতো কিয় নিৰ্বাচনী প্ৰক্ৰিয়া আহিল? বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷