
মোৰাঝাৰঃ ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ, কোৰাণৰ অৰ্থ ধৰ্মপ্ৰাণ ৰাইজক জনোৱাৰ উদ্দেশ্যে মোৰাঝাৰৰ পদুমনি ৰহমানীয়া মাদ্ৰাছাৰ উদোগত বিশাল তফচিৰুল কোৰাণ আৰু ধৰ্মীয় সভা ১১, ১২ মাৰ্চত দিবা-নৈশ কাৰ্যসূচীৰে উখল-মাখল পৰিৱেশৰ মাজেৰে সফল সামৰণি পৰে|
প্ৰথম দিনা পুৱা দহ বজাত মৌলানা আতাউৰ ৰহমানৰ সভাপতিত্বত প্ৰথমে কোৰাণ পাঠ আৰু তাৰ পাছতে তফচিৰুল কোৰাণ শুভাৰম্ভ হয় আৰু পাঁচটা পৰ্বত নিশা ১১ বজালৈ তফচিৰ চলে| এই তফচিৰত মৌলানা জামাল উদ্দিন, ফৰিজ উদ্দিন চৌধুৰী, মৌলানা মুফতি ছবিহ আখতাৰ, মৌলানা ৰুহুল আমিন নদৱী অংশ লয় আৰু কোৰাণ অনুবাদ সম্পৰ্কে আলোকপাত কৰি ধৰ্মপ্ৰাণ লোকক বুজাই দিয়ে|
দ্বিতীয় দিনা পুৱা ১০ বজাত কোৰাণ পাঠ, ১১ বজাত ধৰ্মীয় আলোকপাত কৰিব মৌলানা বুৰহান উদ্দিন, উদালী বজাৰ বানান মাদ্ৰাছা, ১.৩০ বজাত মৌলানা আব্দুল কৰিম, শ্বেখুল হদিছ আলজামিয়া পীৰবজাৰ, ৩ বজাত ইছলামিক পণ্ডিত ৰফিক উদ্দিনে আলোকপাত কৰে, ৫.৩০ বজাত দস্তাৰবন্ধি আৰু দোৱা মেহফিল আৰু ধৰ্মপ্ৰাণ লোকক সম্বোধন কৰে আবুল খয়েৰ মেহবুব বৰভূঞাই, ৬.৩০ আন্তৰ্জাতিক বক্তা হজৰত মৌলানা আব্দুল্লা চতুৰ্বেদি আশ্বৰাফি আল চিন্তিয়ে নিশা ১১ বজালৈ ধৰ্মীয় আলোকপাত কৰে|
শেষত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়| এই মেহফিলত কেইবা সহস্ৰাধিক ধৰ্মপ্ৰাণ লোকৰ লোকৰ আগমন ঘটে|