♦ বজাৰত দাম কমিছে কুঁহিয়াৰ-কুঁহিয়াৰজাত সামগ্ৰীৰ
♦ লামডিঙত প্ৰতিবাদ কৃষকৰ

ছাদিকুজ জামান, মোৰাঝাৰঃ গোলাঘাটৰ সুৰা ট্ৰেজেডিৰ পাছত ৰাজ্যত নিষিদ্ধ কৰা হৈছিল লালিগুৰ। এই ট্ৰজেডিৰ পাছতে আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলাই ছিল কৰিছে বহুকেইটা লালিগুৰৰ গুদাম।
এই লালিগুৰ চৰকাৰে নিষিদ্ধ কৰাৰ পাছত এতিয়া চৰম অনিশ্চয়তাত ভুগিছে কুঁহিয়াৰ ব্যৱসায়ী তথা গুৰ ব্যৱসায়ীসকল। এক প্ৰকাৰ উলুৰ লগত বগৰী পোৰাৰ লেখীয়া হৈ পৰিছে।
উল্লেখ্য যে লামডিং অঞ্চলৰ কুঁহিয়াৰ কৃষকসকলে প্ৰতিবাদত নামিবলৈ বাধ্য হৈ পৰিছে৷ লামডিংখন পাহাৰীয়া অঞ্চল হোৱাৰ বাবে পানীৰ সমস্যাত বছৰ বছৰ ধৰি জৰ্জৰিত হৈ আহিছে কৃষকসকল৷ পানীৰ অভাৱত ধান খেতি বা অনান্য খেতি কৰাৰ সুবিধাকনো নাই বাবেই লামডিঙৰ এই সকল কৃষকে বছৰ বছৰ ধৰি কুঁহিয়াৰ খেতি কৰি গুৰ উৎপাদনৰে ব্যৱসায় কৰি নিজৰ জীৱিকা আৰ্জন কৰি আহিছে৷
কিন্তু এতিয়া তেওঁলোকৰ জীৱিকাত হেঙাৰ হৈ পৰিছে অসম চৰকাৰ৷ ফলত কৃষকসকলে গুৰৰ ব্যৱসায়ৰে স্বচ্ছল জীৱন-যাপন কৰাৰ পৰিৱৰ্তে এতিয়া পথৰ ভিক্ষাৰীৰ হ’বলৈ বাধ্য হৈ পৰিছে৷
শুকুৰবাৰে পুৱাই কুঁহিয়াৰ খেতিৰ কৃষকসকলে লামডিং চহৰৰ মাজ মজিয়াতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়৷ তেওঁলোকৰ দাবী, চৰকাৰ আৰু প্ৰশাসনে লামডিঙত উৎপাদিত গুৰ পৰীক্ষা কৰক। তাৰ পাছত নিৰ্ধাৰণ কৰক এই গুৰ ক্ষতিকাৰক বুলি অথবা এই গুৰ খাই কোনো লোক মৃত্যুৰ মুখত পৰাৰ সম্ভাৱণা আছে নেকি?
ভেজাল আৰু ক্ষতিকাৰক গুৰৰ পৰিৱৰ্তে অসম চৰকাৰে সকলো লালিগুৰ বজাৰত নিষিদ্ধ কৰাত ক্ষোভিত হৈ পৰিছে লামডিঙৰ কৃষক৷
কৃষকসকলে ক্ষোভ উজাৰি কয় যে যিহেতু লামডিং তথা লামডিঙৰ দাঁতি-কাষৰীয়া বহু অঞ্চলত পানীৰ অভাৱ, সেয়েহে লামডিঙৰ কুঁহিয়াৰ পেৰি পগাই উৎপাদন কৰা প্ৰায়খিনি গুৰেই ক'লা বৰণৰ হৈ পৰে।
যাৰ ফলত এতিয়া গুৰ ব্যৱসায়ীসকলে কৃষকৰপৰা গুৰ কিনিবলৈ অমান্তি হৈছে৷ কৃষকসকলে বহু কষ্টৰে কুঁহিয়াৰ খেতিৰে প্ৰতি বছৰৰ দৰে এইবাৰো গুৰ প্ৰস্তুত কৰিছে যদিও এতিয়া বজাৰত মূল্যহীন হৈ পৰাত ঘৰতে বস্তাই বস্তাই গুৰ পেলাই থৈ দিবলগীয়া হৈছে৷
পেটে-ভাতে জীয়াই থকা কৃষকসকলে আৰ্থিক দুৰৱস্থাত ভূগিবলগীয়া হোৱাত এতিয়া লামডিঙৰ ক্ষোভিত কৃষকসকলে চৰকাৰৰ নীতিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওঁলোকে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি কয় যে চুলাই সেৱন কৰি অসমত যদি ৩০০ লোকৰ মৃত্যু হৈছে তেনেহ'লে আগন্তুক দিনত ৰাজ্যত পেটৰ তাড়নাত হাজাৰ হাজাৰ কুঁহিয়াৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা কৃষকে মৃত্যু বৰণ কৰিব বুলি হুংকাৰ দিয়ে|