newsnextone.com| হোজাইঃ হোজাই জিলাৰ মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিদায় অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ পুৱা কেবা শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱকে বাহনত বিদায় দিবলগীয়া শিক্ষক শিক্ষয়িএী তিনিজনক লৈ ৰাজপথত শোভাযাত্ৰা উলিয়ায়৷ দিনৰ এঘাৰ বজাত মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল মতিন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিদ্যালয়ৰ বিষয় শিক্ষক ফৰিদ উদ্দিন আহমেদ, বিষয় শিক্ষয়িত্ৰী মিনা দাস বৰুৱা ,সহ শিক্ষক আব্দুল হাচিব, এই তিনিও গৰাকী শিক্ষকৰ বিদায়কালীনত সম্বৰ্ধনা জনোৱা হয়৷ বিদ্যালয়, স্থানীয় দল সংগঠন আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ে উষ্ম আদৰণি জনায় বিদায়ী শিক্ষক সকলক৷ 

সভাত মূখ্য অতিথি হিচাপে নগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল নেওগ উপস্থিত থাকি ভাষণ আগবঢ়ায়৷ তেওঁ ভাষণৰ প্ৰসংগত বিদায়ী শিক্ষকক প্ৰশংসা কৰি ছাত্ৰ-ছাত্ৰীয়ে এনড্ৰইড মোবাইল ব্যৱহাৰ নকৰিবলৈ কয়, কিয়নো ছাত্ৰ-ছাত্ৰীয়ে গুগুল চাৰ্চ নকৰে৷ লগতে বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাহিত্যিক, লেখক তথা সু প্ৰবন্ধকাৰ ৰমিচা বেগম, এ চি পি ৰিজাৰ্ভ গুৱাহাটীৰ ৰুহুল আমিন উপস্থিত থাকি তত্বগধুৰ ভাষণ আগবঢ়ায়৷ 

আনহাতে অনুষ্ঠানৰ শেষৰ পিনে ফজাইল আহমেদ, আব্দুল মজিদ আৰু বদৰুল ইছলাম, লগতে ভাষণ আগবঢ়ায় জাতীয় একাডেমীৰ সঞ্চালক বিলাল উদ্দিন, জ্ঞান জৌতি একাডেমীৰ সঞ্চালক ফৰিজ উদ্দিন, পদুমনি জাতীয় বিদ্যালয়ৰ সঞ্চালক নজৰুল ইছলাম, ব্ৰাইট ফিউচাৰ একাডেমীৰ শৈক্ষিক সমন্বয়ক আজমল হুচেইন, মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজৰ অধ্যক্ষ ছাদিকুজ জামান, কপাহবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক হিফজুৰ ৰহমানৰ লগতে বহু কেইখন বিদ্যালয়ৰ প্ৰধানে ভাষণ আগবঢ়ায়৷ বিদায়ী শিক্ষকক অভ্যৰ্থনা সমিতিয়ে গামোচা, জাপি, শৰাই, ধৰ্ম গ্ৰন্থ, কাপোৰ, কলম, ফুলৰ থোপা, ছাতি আদিৰে সম্বৰ্ধনা জনায় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা স্থানীয় শিক্ষানুষ্ঠানে৷