09
Nov
2017

মোৰাঝাৰঃ বুধবাৰে কংগ্ৰেছে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে সমগ্ৰ দেশত কলা দিৱস পালন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কংগ্ৰেছে পালন কৰাৰ এদিন পিছতে শাসকীয় বিজেপি দলে বৃহস্পতিবাৰে পালন কৰে কলা ধন বিৰোধি দিৱস৷ দেশৰ বিভিন্ন প্ৰান্তত কলা ধন বিৰোধী দিৱস পালন কৰে৷
অসমতো কলা ধন বিৰোধী দিৱস পালন কৰে বিজেপিৰ নেতা-কৰ্মী, সমৰ্থকে৷ হোজাই জিলাৰ হোজাই চহৰতো বিজেপি নেতা-কৰ্মীয়ে কলা ধন বিৰোধি দিৱস পালন কৰে৷ প্ৰায় শতাধিক কৰ্মীয়ে হোজাই নেতাজী কৰ্নাৰত সমবেত হৈ কলা ধন বিৰোদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷