মোৰাঝাৰঃ গাৰ নোম শিয়ৰি উঠা এটি ভিডিঅ'ক লৈ হোজাই জিলাত সৃষ্টি হৈছে চাঞ্চল্যৰ। এজন ম'বাইল চোৰক একাংশ মৰেল পুলিচে অতি জঘন্যভাৱে প্ৰহাৰ কৰাৰ এই ভিডিঅ'টো ভাইৰেল হৈছে ছ'চিয়েল মেডিয়াত।

একাংশ লোকে এই যুৱকজনক জন্তুৰ দৰে হাত ভৰি খুঁটাত বান্ধি আৰম্ভ কৰিছে অমানুষিক অত্যাচাৰ৷ ইমানতে ক্ষান্ত নাথাকি তেওঁলোকে এই দুষ্কাৰ্যৰ ভিডিঅ' কৰি এৰি দিছে সামাজিক মাধ্যমত৷

অত্যাচাৰৰ এই ভিডিঅ' প্ৰত্যক্ষ কৰিলে শিয়ৰি উঠে সকলোৰ গাৰ নোম। ভিডিঅ'টো ইতিমধ্যে ছ'চিয়েল মেডিয়াত ব্যাপক হাৰত ভাইৰেল হৈছে৷ এই ভাইৰেল ভিডিঅ'টোৱে ইতিমধ্যে হোজাই জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ঘটনাটো বহি ৰাজ্য হায়দৰাবাদত হোৱা বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈকে সেই তথ্য উদ্ঘাটন হোৱা নাই।

জানিব পৰা মতে এটি ম'বাইল চুৰি কৰাৰ অপৰাধত কিছুমান মৰেল পুলিচে লংকা নখুটিৰ চেন্টাৰ বজাৰৰ ইন্তাজুৰ ৰহমানৰ পুত্ৰ আহাদুৰ নামৰ যুৱক জনক জন্তুৰ দৰে বান্ধি চলাইছে অমানুষিক অত্যাচাৰ ৷ পাছত যুৱকজনৰ মূৰৰ চুলিও কাটি পেলাইছে এই সকল মৰেল পুলিচে৷ ইয়াৰ উপৰিও এইসকল মৰেল পুলিছে যুৱকজনৰ কান্ধৰ ওপৰত ভৰি তুলি মোবাইলেৰে ভিডিঅ' কৰি আনন্দ-উল্লাস কৰিছে ৷

ইমানতে ক্ষান্ত নাথাকি তেওঁলোকে কৰা এই ভিডিঅ' ফেচবুক, ৱাটছআপৰ দৰে ছ'চিয়েল মেডিয়াটো আপলোড কৰি ব্যাপক হাৰত ভাইৰেল কৰিছে৷ অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় এই সকল মৰেল পুলিচে হাতত আইন তুলি লোৱাৰ অধিকাৰ কত পালে? ইয়াকে লৈ হোজাই জিলাত সৃষ্টি হৈছে চাঞ্চল্যৰ।জীৱশ্ৰেষ্ঠ মানুহৰ পশুৰ দৰে এই কাৰ্যই সৰ্বসাধাৰণৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ৷