তেজপুৰ টাউনঃ বাগিচাত খৰি বিছাৰি যোৱা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ লগতে হত্যা কৰি গাতত পুতি থোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শোণিতপুৰ জিলাৰ সোনাবিলত। 

চাবিনা তপ্ন নামৰ কিশোৰীগৰাকীৰ মৃতদেহ চাহ বাগিচাৰ নলাত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে, ১১ বছৰীয়া কিশোৰীগৰাকী বুধবাৰৰ পৰা খৰি বিছাৰি গৈ নিৰুদ্দেশ হৈ আছিল।  

উল্লেখযোগ্য যে মালিজান বাগিচাৰ ধিৰেন তাঁতী নামৰ এজন যুৱকে চাবিনা তপ্নক ধৰ্ষন কৰি হত্যা কৰি পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে। উত্তেজিত ৰাইজে অভিযুক্ত ধিৰেন তাঁতীৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে লগতে গৃহত অগ্নি সংযোগ কৰে। শালনীবাৰী আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। অভিযুক্ত ধিৰেন তাঁতীক তেজপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।