গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত ঘাতক স্বামীয়ে প্ৰাণ ললে পত্নীৰ। দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙৰীমাৰী হাবিত সংঘটিত হৈছে এই নাৰকীয় কাণ্ড।

শিঙিমাৰী হাবিৰ আব্দুল মালেক নামৰ লোকজনে দাৰ ঘাপিযাই হত্যা কৰে পত্নী বেলভানু নেছাক।

জানিব পৰা মতে, প্ৰায়ে পতী-পত্নীয়ে সৰু সৰু কথাতে কাজিয়া কৰি আহিছিল৷ আজি পতী-পত্নীৰ মাজত পথাৰতে কাজিয়া লাগে৷

যাৰ ফলত আবুল মালেকে পথাৰতে দাৰে ডিঙিত ঘপিয়াই হত্যা কৰে পত্নীক৷ তাৰ পাছতে মৃতদেহটো নিজে ঘৰলৈ আনি কোঠালিত থৈ পলায়ন কৰে মালেকে। গৰৈমাৰী আৰক্ষীয়ে মালেকক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷