কামপুৰঃ নৃশংস হত্যাকাণ্ডই কপাই গ’ল নগাঁও-কাৰ্বি আংলং সীমান্ত৷ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী মাইচাম গাঁৱত মদৰ ৰাগিত মাতাল বিয়ৈয়ে চোকা অস্ত্ৰৰে বিয়ৈনীক আক্ৰমণ কৰাত মৃত্যু হোৱাৰ খবৰে অঞ্চলেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মাইচাম গাঁৱৰ অৰ্জুন দাস নামৰ লোকজনে নিতৌ মদ্যপান কৰি ঘৰলৈ আহে পত্নীৰে কাজিয়াত লিপ্ত হয়৷ জানিব পৰা মতে, মঙলবাৰে নিশাও অৰ্জুন দাসে অত্যাধিক মদ্যপান কৰি ঘৰলৈ আহে৷ মদ্যপান কৰি আহি পত্নী সৈতে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয়৷

পত্নীকৰ কোনো কথাই নুশুনি মাৰিবলৈ খেদি যাই অৰ্জুনে৷ হাতত দা’ লৈ আক্ৰমণ কৰিবলৈ খেদি যায়৷ পত্নীয়ে প্ৰাণৰ ভয়ত পলাই বিয়ৈনী সৰস্বতী দাসৰ ঘৰত আশ্ৰয় লয়। মাতাল অৰ্জুন দাসে পত্নীক বিছাৰি নাপায় বিয়ৈনী সৰস্বতী দাসক দাৰে উপৰ্যুপৰি দোহৰ বিভিন্ন ঠাইত আঘাত কৰাত থিতাতে ঢলি পৰে৷

সৰস্বতী দাসৰ থিতাতে মৃত্যু হয়৷ ইমানে নহয় বাধা প্ৰদান কৰা চঞ্চলা দেৱনাথ নামৰ আন এগৰাকী মহিলা অৰ্জুনৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয়৷ তাৰ পিছতে হুৱা-দুৱা লাগে গাঁও খনত৷ অৰ্জুন দাসে সুবিধা বুজি পলায়ণ কৰে৷ ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰাৰ লগতে হত্যাকাৰী সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে৷