
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
বিশ্বনাথঃ ৰাজ্য বিভিন্ন ঠাইত প্ৰতিদিনে হত্যাকাণ্ড সংঘটিত হৈ অহাৰ সময়তে এইবাৰ অসম মূলকত শহুৰৰ হাতত প্ৰাণ গ’ল বোৱাৰীৰ৷ এই ঘটনা সংঘটিত হৈছে বিশ্বনাথ জিলাৰ মিজিকাত৷
এগৰাকী শহুৰৰ আক্ৰমণত বোৱাৰীৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মিজিকাত৷
জানিব পৰা মতে, সাধাৰণ কথাৰ গইনা লৈ শহুৰ সুৰজ গৌড়ে বোৱাৰী সাৰথি গৌড়ৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়৷ নাতিক শাসন কৰাৰ নামত মাৰ-ধৰ কৰাত বোৱাৰীৰ বিৰুদ্ধে খঙত অগ্নি শৰ্মা হৈ পৰে শহুৰ সুৰজ৷ তাৰ পিছতে এডাল কাঠৰ বাটাম হাতত লৈ বেয়াকৈ প্ৰহাৰ কৰে বোৱাৰীক৷
বাটামৰ কোবত থিতাতে মৃত্যু হয় সাৰথিৰ। শহুৰেকৰ প্ৰহাৰত বোৱাৰী সাৰথি গৌড়ৰ মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷ সুৰজ গৌড়ক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহক ৰাখিছে৷