
কামপুৰঃ নগাঁও কচুৱা পুঠিমাৰীত দীপাৱলীৰ নিশা সংঘটিত হোৱা এক হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নলাত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অঞ্চলটোত হত্যাকাণ্ডক লৈ খলকনিৰ সৃষ্টি হৈছে৷
জানিব পৰা মতে ১নং পুঠিমাৰীৰ দীজেন্দ্ৰ বিশ্বাস নামৰ লোক জনে দীপাৱলীৰ নিশা টেটুলৈকে মদ্যপান কৰি কেইজন ব্যক্তিৰ লগত কাজিয়াত লিপ্ত হয়৷ তীাৰ পাছতে অচিনাক্ত ব্যক্তি কেইজনে দীজেন্দ্ৰ বিশ্বাস নামৰ ব্যক্তিজনক নৃশংসভাৱে হত্যা কৰি নলাত পেলাই থৈ যায় বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে৷
মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ আছে। পাছত ঘটনা স্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।