কোকৰাঝাৰঃ কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ নিচেই কাষতে থকা শনি মন্দিৰৰ পূজাৰী নিখিল দেৱনাথ (৫৭)ৰ ৪ হত্যাকাৰীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও পঞ্চম অভিযুক্ত আৰু লুট কৰি দিয়া ধনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

পূজাৰী হত্যাৰ সৈতে অভিযুক্ত পাঁচ অপৰাধীৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি অভিযুক্ত হ'ল ক্ৰমে বলাই হালদাৰ (২১), পাপাই বৰ্মন(১৮), বিশ্বজিৎ বৰ্মন(৩৮) আৰু মাজিনুৰ ইছলাম (২৪)। অভিযুক্তসকলৰ জিন্মাৰ পৰা আৰক্ষীয়ে হত্যাত ব্যৱহৃত এটা ৭পইণ্ট ৬৫ পিষ্টল , নগদ ৬৫১০ টকা , এখন বাজাজ পালছাৰ (নং এএছ ১৭, ৮৮৪৭), এখন টাটা ইণ্ডিকা (গাড়ী নং এ এছ ১১ চি, ৫৫৮২) আৰু সাতটা মোবাইল ফোন আৰক্ষীয়ে জব্দ কৰিছে। 

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে কোকৰাঝাৰ সাৰ্বজনীন শনি মন্দিৰৰ সহযোগী পুজাৰী নিখিল দেৱনাথক পাঁচজনীয়া দুষ্কৃতিকাৰীৰ দল এটাই হত্যা কৰাৰ পিছতে আৰক্ষীয়ে হত্যাকাৰীক ধৰিবলৈ ব্যাপক অভিযান চলাইছিল। যোৱা ১০ ছেপ্টেম্বৰৰ নিশা পাঁচজনীয়া দুৰ্ষ্কৃতিকাৰীৰ দলে মুখত কাপোৰ বান্ধি নিখিল দেৱনাথক হত্যা কৰি আৰু তেওঁৰ পত্নীক মাৰধৰ কৰি দুই লাখ ষাঠি হাজাৰ টকা আৰু দুটা মোবাইল ফোন লুট কৰি নিছিল।

সহযোগী পূজাৰী নিখিল দেৱনাথ বেংগল ৰাজ্যিক লটাৰীৰ বিতৰকো আছিল আৰু প্ৰতি শনিবাৰে লটাৰীৰ পৰা সংগৃহীত ধন জমা দিবলৈ তথা লটাৰীৰ টিকট সংগ্ৰহ কৰিবলৈ  ব্যাক্তিগতভাৱে পশ্চিমবংগৰ আলিপুৰদুৱাৰত অহা-যোৱা কৰাৰ তথ্য সদৰি কৰি আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে সকলোবোৰ দিশ সাঙুৰি আৰক্ষীয়ে জোৰদাৰ তদন্ত কৰি হত্যাকাণ্ডৰ সতে জড়িত ৫অভিযুক্তৰ ভিতৰত চাৰিজন অভিযুক্তকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যদিও পঞ্চম অভিযুক্তক আটক কৰাৰ বাবে আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে যোৱা ১০ ছেপ্তেম্বৰৰ নিশা প্ৰায় দুই বজাত শনি মন্দিৰৰ পূজাৰী নিখিল দেৱনাথক হত্যা কৰি  প্ৰায় দুই লাখ ষাঠী হাজাৰ টকা দুৰ্ষ্কৃতিকাৰীয়ে লুটি নিয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কোকৰাঝাৰ চহৰৰ ২ নং ওৱাৰ্ডৰ পাথৰঘাট নিৱাসী নিখিল দেৱনাথে উক্ত শনি মন্দিৰটো প্ৰায় ২৯ বছৰ মুখ্য পূজাৰীৰ সহযোগী হিচাপে  নিয়োজিত হৈ আছিল।

যোৱা ১০ ছেপ্তেম্বৰৰ নিশা ঘাতকৰ হাতত কৰুণ মৃত্যুক সাৱটি লোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীৰ এডিজিপি মুকেশ আগৰৱালে কোকৰাঝাৰত বাহৰ পাতি হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰিছিল। আৰক্ষীয়ে পূজাৰী হত্যাৰ ৫ অভিযুক্তৰ ভিতৰত চাৰিজনকে কৰায়ত্ত কৰাৰ উপৰিও অভিযুক্তসকলৰ পৰা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাটো অসম আৰক্ষীৰ সফলতা বুলিয়েই বিবেচিত হৈছে।