newsnextone.com | গোৰেশ্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰতো কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই পৃথক কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷

বাক্সা জিলাৰ মুছলপুৰত বাক্সা জিলা কোচ ৰাজবংশী ছাত্র সন্থা, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই তিনি ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি শীঘ্ৰে কমতাপুৰ ৰাজ্য পুনৰগঠন আৰু জনজাতিকৰণৰ দাবী জনায়৷

বাক্সা জিলা আক্ৰাছুৰ সভাপতি কপিল দেৱ সিংহই এক বিবৃতি যোগে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ আশ্বাস দি প্ৰতাৰণাহে কৰি আহিছে বুলি কয়। ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষই ৬ দনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো তথ্য নাই বুলি কোৱা কাথাষাৰে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালেৰ কোচ ৰাজবংশীসকলৰ প্ৰতি কোনো দায়বদ্ধতা নাই সেই কথাই প্ৰমাণিত হোৱা বুলি কয় কপিল দেৱে৷

ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অহা নিৰ্বাচনত দিয়া হ’ব বুলি সকিয়াই দিয়ে সংগঠনটোৰ বাক্সা জিলাৰ সভাপতিগৰাকীয়ে। কোচ ৰাজবংশীসকলক এনেদৰে প্ৰতাৰাণা কৰি থাকিলে বিজেপি নেতাক কোচ ৰাজবংশী গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলিও বাক্সা জিলা আক্ৰাছুৰ সভাপতি তথা প্ৰচাৰ সম্পাদক শংকৰ ৰাজবংশীয়ে উল্লেখ কৰে।
কাৰ্যসূচীৰ অন্তত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।