
মুছলপুৰঃ কেইবা শতাধিক মহিলাৰ প্ৰতিবাদত উত্তাল হ’ল মুছলপুৰ৷ অংগনৱাড়ী কৰ্মী-সহায়িকাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে মুছলপুৰ৷ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ জিলা কেন্দ্ৰৰ প্ৰবেশ পথ বন্ধ কৰি বঞ্চিত মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
অংগনৱাড়ী কৰ্মী সহায়িকা সকলে মাননীৰ সলনি দৰমহা প্ৰদান, পেঞ্চনৰ ব্যবস্থা কৰা, সংহত শিশু উন্নয়ন প্ৰকল্পৰ বাজেট বৃদ্ধি কৰা, চাকৰি নিয়মীয়া কৰা, সম-মৰ্য্যদা প্ৰদান কৰা, ৰাজ্য চৰকাৰৰ নিজা পূজিৰ পৰা উচিত মাননী প্ৰদান কৰা, কেন্দ্ৰীয় চৰকাৰৰ পৰা মাননী বৃদ্ধি কৰা, কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। দিনৰ দিনটো চৰকাৰৰ কামত ব্যস্ত হৈ থকা মহিলাসকলক চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
যাৰ ফলত অসহায় মহিলা সকলে ৰাজ পথত নামি প্ৰতিবাদ কৰি আহিছে৷ যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ বুধবাৰে বাক্সা জিলাৰ অংগনৱাড়ী-কৰ্মী সহায়িকাসকলে জিলাৰ কুৰিটা বিভাগৰ কাৰ্যালয় সংপৃক্ত হৈ জিলা কেন্দ্ৰ অচল কৰি তোলে৷ প্ৰবেশ পথত বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত সহস্ৰাধিক অংগনৱাড়ী কৰ্মী সহায়িকাই অংশ লয়।