উত্তৰ শালমাৰাঃ অভয়াপুৰীৰ কেবাজনো উদ্যমী যুৱক-যুৱতীৰ প্ৰচেষ্টাত এবছৰ আগতে গঢ় লৈ উঠা আৰু ইতিমধ্যে বঙাইগাঁও জিলাখনৰ সাংস্কৃতিক দিশত এক সুকীয়া স্থান দখল কৰা অভয়াপুৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান শুক্লধ্বজৰ উদ্যোগত আৰু অভয়াপুৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ সহযোগত যোৱা ১৩ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বৰগীত, হোলীগীত, কামৰূপীয়া লোকগীত, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ কৰ্মশালাৰ সফল সামৰণি পৰে৷

শুকুৰবাৰে অভয়াপুৰী মহাবিদ্যালয় প্ৰশালাত অনুষ্ঠিত হোৱা সামৰণী অনুষ্ঠান অনুষ্ঠিত হয়৷ সামৰণী অনুষ্ঠান আমন্ত্ৰিত অতিথি হিচাপে অংশ লয় বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিতালী লহকৰ, অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অঞ্জন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সংগীত সম্পাদক ভোলানাথ ভকতে৷

যি সময়ত যুৱপ্ৰজন্ম বিপথে গৈছে বুলি একাংশ লোকে সততে দাবী কৰি আহিছে তেনে সময়তে উদীয়মান যুৱক-যুৱতীৰ দ্বাৰা গঠিত 'শুক্লধ্বজ' নামৰ অনুষ্ঠানটোৱে অসমৰ বুকুৰ পৰা ক্ৰমাৎ হেঁৰাই যাব ধৰা সংস্কৃতিক পুনৰুদ্ধাৰৰ বাবে যি প্ৰচেষ্টা লৈছে সেয়া সঁচাই আদৰণীয় বুলি মন্তব্য কৰে চক্ৰ বিষয়া মিতালী লহকৰে৷

শুক্লধ্বজ সকলোৰে আদৰ্শ হওঁক বুলি মন্তব্য কৰে লহকৰে৷ আনহাতে অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ নাথে 'শুক্লধ্বজ'ক প্ৰশংসা কৰাৰ লগতে 'শুক্লধ্বজ'ৰ জয়ৰ ঘোঁৰা সদায় আগত দৌৰক বুলি মন্তব্য কৰে৷ চিৰাং, বঙাইগাঁৱকে ধৰি অভয়াপুৰীৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৪৫ গৰাকী প্ৰশিক্ষকে এই কৰ্মশালাত অংশ লৈছিল৷

কৰ্মশালাত প্ৰশিক্ষক হিচাপে লোকশিল্পী বসন্ত পাটগিৰী, দীপক ৰয়, দীপক কলিতা, বুদ্ধদেৱ দাস, সৌৰভজ্যোতি দাস আৰু জনপ্ৰিয় সংগীত পৰিচালক মৃণালকান্তি মেধিয়ে অংশ লয়৷ সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ কাৰ্যক্ৰম বিষয়া জয়ন্ত বৰাৰ লগত সাংবাদিক ধৰম ৰঞ্জন ৰয়, দেৱাশীষ পাঠক, বিষ্ণুৰাম দাস, কিশোৰ দাস, টিংকু দাস, বিনোদ বিহাৰী নাথৰ লগতে বহু গণ্য মাণ্য ব্যক্তিয়ে অংশ লয়৷ প্ৰশিক্ষাৰ্থীসকলে বৰগীত, কামৰূপীয়া লোকগীত, হোলীগীত আদিও পৰিৱেশন কৰে৷

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সংগীত সম্পাদক ভোলানাথ ভকতে৷ অনুষ্ঠানত প্ৰচাৰ বিমূখ শিল্পী ৰহিতেশ্বৰ বৰ্মনৰ বাঁহীবাদনে সকলোকে মোহিত কৰে৷ সমগ্ৰ অনুষ্ঠান পৰিচালনা কৰে 'শুক্লধ্বজ'ৰ সভাপতি বিক্ৰম ৰঞ্জন ৰয়ে৷