তেজপুৰঃ অসমৰ বানপানী বাৰ্ষিক উৎসৱ। কিন্তু এই উৎসৱে আনন্দ দিয়াৰ পৰিৱৰ্তে কঢ়িয়াই আনে যাতনা। প্ৰতিবছৰেই বাঢ়নী পানীয়ে জ্বলা-কলা খুৱাই সৰ্বসাধাৰণৰ জীৱন, সম্পত্তিৰ অনিষ্ট কৰি আহিছে। তৎসত্বেও বানপানীৰ সমস্যা সমাধান নোহোৱাতো পৰিতাপৰ কথা। চৰকাৰে প্ৰতিবছৰেই বানপানী সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে কোটি কোটি টকা আবণ্টন দি আহিছে যদিও অদ্যপি বানপানীয়ে সৰ্বসাধাৰণৰ জীৱন কাঢ়ি নি সৰ্বস্বান্ত কৰাতো পৰিতাপৰ কথা। শেহতীয়া বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এক বিবৃতিযোগে এই মন্তব্য কৰিছে মুছলিম ছাত্ৰ, অসমে।

সংগঠনটোৱে অসমৰ বান সমস্যা ৰোধত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন ব্যৰ্থ হোৱাৰো অভিযোগ কৰে। উল্লেখ্য যে, এইবাৰৰ কৃত্ৰিম বানে গুৱাহাটীৰ মহানগৰীৰ বিস্তীৰ্ণ এলেকা প্লাবিত কৰাৰ লগতে বহুকেইজন নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ সমান্তৰালে বিদ্যুত পৰিবাহী তাঁৰত লাগিও কেইবাজনো ব্যক্তিয়ে মৃত্যুক সাৱটি লৈছে।

ৰাজ্যখনত বানে প্ৰাণ লোৱা ব্যক্তিৰ সংখ্যা এতিয়ালৈ প্ৰায় ১০০ জন। আনহাতে ব্ৰহ্মপুত্ৰ, জীয়াভৰলী, সোৱণশিৰি, ধনশিৰি আদি নৈৰ মাজত থকা চৰবোৰত বসবাস কৰা লোকসকল বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে। ফলত খাদ্য, বস্ত্ৰ, বাসস্থানৰ অভাৱত লোকসকলs অনাহাৰে উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে।

শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ গুপ্তেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত তিনটেকীয়া চৰ অঞ্চলত বসবাস কৰা ১৬০০ টা পৰিয়ালৰ লোক পানীত ডুব গৈ আছে। বানাক্ৰান্ত লোকসকলক পৰিবৰ্তনকামী চৰকাৰখনে খাদ্য, বস্ত্ৰৰ যোগান ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে মুছলিম ছাত্ৰ সন্থা, অসমৰ সভাপতি জালালউদ্দিন, উপ-সভাপতি আব্দুল ৰহমান আৰু কাৰ্যকৰী সদস্য চামচুল হকে।

আনহাতে বান আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰাৰ লগতে বানত মৃত্যু হোৱা লোকসকলক ৫ লাখ আৰু গৃহহীন লোকসকলক ২ লাখকৈ এককালীন সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনায়। অসমলৈ বিশেষ এটি দল প্ৰেৰণ কৰি বান সমস্যা স্থায়ীভাৱে সমাধানৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰকো অনুৰোধ জনায় সংগঠনটোৱে।

আনহাতে, অমৰনাথ তীৰ্থযাত্ৰীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণে মানৱতাক ভুলুণ্ঠিত কৰিছে বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতৃবৃন্দই। তীৰ্থযাত্ৰীসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনোৱাৰ লগতে সন্ত্ৰাসবাদীক ধৰ্মৰ ভিত্তিত চিনাক্ত নকৰি কেৱল মানৱতাৰ শত্ৰু হিচাপে চিহ্নিত কৰি কঠোৰতম শাস্তি বিহিবলৈ আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে।

একাংশ পাকিস্তানী সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত থকা মুছলমানক সন্দেহৰ চকুৰে চোৱাৰ মানসিকতা পৰিহাৰ কৰিবলৈকো সকলোকে অনুৰোধ জনায় ছলিম ছাত্ৰ সন্থা, অসমৰ সভাপতি জালালউদ্দিনে। দেশৰ অখণ্ডতাৰ স্বাৰ্থত পাকিস্তানী সন্ত্ৰাসবাদীক দেখা মাত্ৰকেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে বুলিও মুছলিম ছাত্ৰ সন্থাই পৃথকে দিয়া বিবৃতিত দাবী কৰে।