
গুৱাহাটীঃ তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কুজু পথাৰত সেনা-আৰক্ষী আৰু চিআৰপিএফৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱা আলফাৰ দলটোৱে ৯ এক্স ৰাইফেলেৰ সুসজ্জিত আছিল৷ অনুমান কৰা মতে সন্ত্ৰাসবাদীৰ মূৰৰ কামোৰণী হৈ পৰিছিল বিষয়া ভাস্কৰ৷ যাৰ বাবে হয়তো ভাস্কৰক টাৰ্গেট কৰি লৈছিল সন্ত্ৰাসবাদীয়ে৷ অভিযানত সেনা, চিআৰপিএফ আৰু আৰক্ষীৰ জোৱান আছিল যদিও কিন্তু আৰক্ষী বিষয়াগৰাকীৰ দেহতহে ৯টাকৈ গুলী লগাত তেনে সন্দেহ কৰা হৈছে৷
জানিব পৰা মতে, বিষয়াগৰাকীয়ে বাৰে বাৰে ওপৰৱালা বিষয়াক তেওঁ যে টাৰ্গেট হ’ব পাৰে সেই কথা জানাইছিল বুলি জানিব পৰা যায়৷ যাৰ বাবে তেও বাৰে বাৰে তাৰ বদলি কৰাৰ দাবী জনাইছিল৷ কিন্তু পৰিয়ালৰ অভিযোগ মতে বিষয়াগৰাকীৰ সেই দাবী মানি লোৱা নাছিল উচ্চ পদস্থ বিষয়াই৷ ইফালে জিলা খনত প্ৰায়ে সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱাত বৰডুমচা অঞ্চলৰ আইন-শৃখলা দিশ সাহসিকতাৰে পৰিচালনা কৰি আছিল ভাস্কৰে৷ বিষয়াগৰাকীৰ এই সাহসীকতাৰ উচ্চ পদস্থ বিষয়াই সুযোগ গ্ৰহণ কৰিছিল নেকি তাক লৈও আৰম্ভ হৈছে প্ৰশ্ন৷
দক্ষ-যুৱ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ পিছতে উত্থাপন হৈছে অলেখ প্ৰশ্ন৷ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে বহু প্ৰশ্ন উত্থাপন হৈছে৷ ৰাজ্যৰ এগৰাকী থলুৱা আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছতে আৰক্ষীৰ আধুনিকীকৰণ আৰু স্মাৰ্ট পুলিচৰ ধৰাণাক একপ্ৰকাৰ প্ৰত্যাহ্বানকে জনোৱা বুলি চৰ্চা আৰম্ভ হৈছে৷
কিয়নো সৰ্বানন্দ সোণোৱাল চৰকাৰে শাসনৰ গাদীত বহিয়েই আৰক্ষীক স্মাৰ্ট কৰাৰ বাবে আঁচনি গ্ৰহণ কৰাৰ কথা বাৰে বাৰে ঘোষণা কৰি আহিছে৷ তাৰ পিছত ৰাজ্যৰ এগৰাকী আৰক্ষী বিষয়াই দেহত পিন্ধি থকা বুলেট প্ৰুফ জেকেট অতিক্ৰম কৰি ৯টাকৈ গুলী লগা ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে৷
শনিবাৰে কামৰূপৰ আজাৰাৰ মাজিৰাগাঁৱত বিষয়াগৰাকীক স্থানীয় ৰাইজে শেষ শ্ৰদ্ধা যাচে৷ তাৰ পিছতে অসম আৰক্ষীয়ে ৰাজ্যিক মৰ্যদাৰে বিদায় জনাই বিষয়াগৰাকীক৷ কামৰূপ জিলাৰ আজাৰাৰ সমীপৰ মাজিৰাগাঁৱত গৃহভূমিত শেষকৃত্য সম্পন্ন কৰা হয় বিষয়াগৰাকীৰ৷ বিষয়াগৰাকীৰ মৃতদেহ আহি পোৱাৰ পূৰ্বে হোৱাৰ পূৰ্বে অসম আৰক্ষীৰ ডিআইজি অখিলেশ সিঙে কেইবাগৰাকী উচ্চ পদস্থ বিষয়া সহ ভাস্কৰ কলিতাৰ গৃহত উপস্থিত হয়৷
অখিলেশ সিঙে উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোকৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’ব লগা হয়৷ পত্নী আৰু পৰিয়ালৰ লোক বিষয়াগৰাকীয়ে বদলিৰ বাবে আবেদন কৰাৰ পিছতো বদলি মঞ্জুৰ কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰে৷ স্বামী-পুত্ৰক হেৰুৱাৰ শোকত ডুবি থকা পৰিয়ালটোৱে উচ্চ পদস্থ আৰক্ষী বিষয়াক বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে৷
কিন্তু আৰক্ষীৰ হাতত সেই সময়ত পৰিয়ালক দিবলৈ নাছিল কোনো ধৰণৰ উত্তৰ৷ আনহাতে নিৰ্ভীক বিষয়াগৰাকীয়ে শীৰ্ষ বিষয়াক বাৰে বাৰে বদলিৰ বাবে আবেদন জনাই তেওঁ যে সন্ত্ৰাসবাদীৰ টাৰ্গট আছিল সেই কথা অৱগত কৰে৷ স্পৰ্শকাতৰ জিলা খনত সাহসিকতাৰে কাম কৰাৰ বাবে উচ্চ পদস্থ বিষয়াই ভাস্কৰৰ সাহসক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল নেকি বুলিওলৈও প্ৰশ্ন উত্থাপন হৈছে৷
উল্লেখ্য যে, ৪ মে'ৰ বিয়লি আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই। জানিব পৰা মতে, দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাৰ কুজু পথাৰত কুজুপথাৰ গাঁৱৰ বাবু ধন বৰা নামৰ লোকজনৰ ঘৰত আলফাৰ দল প্ৰৱেশ কৰাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। খবৰৰ ভিত্তিত যুৱ আৰক্ষী বিষয়াগৰাকীয়ে চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷
আলফাৰ দলটোৰ সৈতে প্ৰথমে গুলীয়াগুলি লাগে আৰক্ষী-চিআৰপিএফৰ৷ পিছত সেনাই নেতৃত্ব লয় অভিযানৰ৷ তেনে সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলীচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগিছিল৷