চাবুৱাঃ পুনৰ বানৰ কবলত উজনি-নামনি৷ যোৱা তিনিদিন ধৰি ৰাজ্যখনৰ কেইবাখনো জিলা বানৰ কবলত পৰি ককবকাই থাকিব লগা হৈছে৷ ব্ৰহ্মপুত্রৰ লগতে উপ-নৈ সমূহৰ জলস্তৰ বৃদ্ধি পোৱাত প্লাবিত হৈছে ন’ ন’ অঞ্চল৷ অসম আৰু ইয়াৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচলত দি থকা ধাৰাসাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে মহাবাহু  ব্ৰহ্মপুত্র৷

ব্ৰহ্মপুত্রৰ বাঢ়নী পানীয়ে শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ কেইবাখনো গাঁৱত তাণ্ডৱ সৃষ্টি কৰিছে। জিলাখনৰ লাহোৱাল সমষ্টিৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰহমৰীয়াৰ ৭০০ পৰিয়ালৰ গৃহ বানৰ কবলত পৰিছে ৷

জানিব পৰা মতে, ৰহমৰীয়া অঞ্চলৰ বিশেষকৈ বগৰীতলীয়া, চাপৰিগাঁও, সৰুগাঁও, নিজ ৰহমৰীয়া, চামনি, মাজপাৰা, ৰহমৰীয়া লাইন, গেনিচুক অাদি কৰি ৰহমৰীয়া মৌজাৰ অধিকাংশ গাঁৱৰ পানীত ডুব গৈ অাছে ৷

ইফালে ৰহমৰীয়াৰ অঞ্চলৰ কেইবাটাও পথ বানত ডুব যোৱাত যান-বাহন চলাচল বন্ধ হৈ অাছে ৷ লগতে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে অঞ্চলটোত৷ অাজি মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাৰ নেতৃত্বত বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লৈ বন্যাৰ্ত ৰাইজক সাহায্য প্ৰদান কৰে।