নগাঁওঃ কবিয়ে দলঙ ভাল পায়৷ দলঙে মানুহক সংযোগ ঘটাত সহায় কৰে৷ দলং নাথাকিলে আপুনি মই বহু দূৰত৷ এখন দলঙে আপোনাক মোক কম সময়ত লগালগি কৰিব পাৰে৷ সেয়েহে আজি একাংশ কবি গোট খাইছে দলঙত৷

দলঙত এজন এজনকৈ কবিয়ে কবিতা আওৰাই স্মৰণ কৰিছে স্বনামধন্য কবি নৱকান্ত বৰুৱাক৷ কবিৰ প্ৰিয় বিষয় আছিল ‘দলং’৷ যাৰ বাবে তেওঁৰ মৃত্যু দিনটো নগঞা ৰাইজে 'দলঙত কবিতা' নামেৰে উদযাপন কৰি আহিছে ৷

এইবাৰো ১৪ জুালাইত কবিগৰাকীক নগাঁও চহৰৰ মাজ-মজিয়াত থকা শেৱালি কবি ৰত্নকান্ত বৰকাকতি সেতুত 'দলঙত কবিতা' শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানেৰে স্মৰণ কৰে ৷ অনুষ্ঠানত প্ৰায় অৰ্ধ শতাধিক নবীন-প্ৰবীণ কবিয়ে স্বনামধন্য কবি গৰাকীৰ কালজয়ী কবিতাসমূহ পাঠ কৰাৰ লগতে কেইবাজনো লোকে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷

উপস্থিত সকলোৱে দলঙৰ পৰা তলৰ কলঙৰ বুকুত ফুল ছটিয়াই কবি নৱকান্ত বৰুৱাক গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷ অনুষ্ঠানটোত কবি হোমেশ্বৰ শৰ্মাই কবিতা পাঠ কৰি পাতনি মেলে৷

কবি ডাঃ প্ৰয়াগ শইকীয়া, প্ৰদীপ শইকীয়া, অঞ্জলি মহন্ত, বীণা শৰ্মা, কুসুম শইকীয়া, কুমাৰ বিভুতি, সাংবাদিক জ্যোতিপ্ৰসাদ বৰাকে ধৰি কেইবাগৰাকী কবিতা প্ৰেমীয়ে কবিগৰাকীৰ বহুকেইটা মননশীল কবিতা পাঠ কৰে৷

গোলাপ বৰা, তপন ফুকন আৰু প্ৰণতি বৰাকে ধৰি বহুকেইজন শিল্পীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটোক সোণত সুৱগা চৰায়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক প্ৰাঞ্জল বৰদলৈ আৰু শিল্পী পুলকানন্দ কৌশিকে৷