মোৰাঝাৰঃ হজৰত মহম্মদৰ জীৱন আৰু কৰ্মৰাজী সন্দৰ্ভত বিশেষ ভাবে আলোচনা কৰাৰ বাবে বুধবাৰৰ পৰা হোজাই জিলাত অনুষ্ঠিত হৈছে বিশেষ কাৰ্যসুচী৷

স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্কজুল মা'আৰিফৰ উদ্যোগত হোজাইৰ মৰ্কজ একাডেমি আৰু মৰ্কজ মডেল গাৰ্লছ মাদ্ৰাছাত এই অনুষ্ঠান অনুষ্ঠিত হৈছে৷ বুধবাৰে মৰ্কজ মডেল গাৰ্লছ মাদ্ৰাছাত কাৰ্যসুচীৰ উদ্বোধন কৰে মুম্বাইৰ পৰা প্ৰকাশিত ইংৰাজী মাহেকীয়া আলোচনী ইষ্টাৰ্ণ ক্ৰিছেন্টৰ সম্পাদক মাওলানা বুৰহানুদ্দিন কাছিমীয়ে৷

মৰ্কজৰ সভাপতি শামছুল হক চৌধুৰীৰ উপস্থিতিত ছাত্ৰীসকলৰ মাজত তৰ্ক, ৰচনা, কুইজ আদি কাৰ্যসুচী অনুষ্ঠিত হৈ যায়৷ অহা ২৯-৩০ অক্টোবৰত মৰ্কজ একাডেমিত কাৰ্যসুচীৰ অন্ত পৰিব৷