
চৰাইদেউঃ ভাৰত চৰকাৰ আৰু NSCN (আই-এম)ৰ মাজৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত এতিয়ালৈ ৰাজহুৱা হোৱা নাই যদিও অসমৰ ৰাইজ শংকিত হৈ আছে নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত হোৱাৰ আশংকাত।
নাগালিমৰ দাবীৰে NSCN-এ যি মানচিত্ৰ প্ৰস্তত কৰিছে তাত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদিকে ধৰি অসমৰ বহুকেইখন জিলাৰ মাটিকালি অন্তৰ্ভুক্ত হৈ আছে। কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহব বুলি দল সংগঠনে হুংকাৰ দি থকাৰ সময়তে অসমত নগাৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিছে অসমৰ ভূমিত৷
সীমান্তত দপদপাই থকা নগা বিদ্ৰোহী এইবৰ বৰ ঘৰ পাইছে৷ অসমৰ মাটি যেনেকৈ বাংলাদেশক দিয়া হ'ল থিক তেনেকৈ অসমৰ মাটি নাগালেণ্ডক দিবৰ বাবে অসম-ভাৰত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অসমত আৰম্ভ হৈছে নগা বিদ্ৰোহীৰ দপদপনি৷
কেন্দ্ৰীয় চৰকাৰে নাগালিমত চৰাইদেউ জিলাকে ধৰি অসমৰ দহখন জিলাৰ বৃহৎ এলেকাৰ ভূমিক সামৰি মানচিত্ৰ প্ৰকাশ কৰাৰ পাছত নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কাৰ্যকৰী নোহোৱাৰ পূৰ্বেই পুনৰ নগাৰ দপদপনি বৃদ্ধি পাইছে অসম নাগালেণ্ড সীমান্তত৷
নগা বিদ্ৰোহী সংগঠন এন এনএছচিএনৰ কিছু সদস্যই যোৱা কিছুদিন ধৰি অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত অসামাজিক কামকাজ চলাই থকা সময়তে সোমবাৰে নিশা সেনাবাহিনীৰ দলে তিনিজনকৈ নগা বিদ্ৰোহী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
আৰক্ষীৰপৰা পোৱা তথ্য অনুসৰি মাইবেলাস্থিত ভাৰতীয় সেনাবাহিনীৰ ১৭নং ৰেজিমেণ্টৰ জোৱানে গোপন সূত্ৰৰ পমখেদি শিবসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ নাগিনীমৰাত পিস্তল তথা দুইজাই সজীৱ গুলীসহ দুজন এনএছচিএন খাপলাং গোটৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়৷
আটকাধীন সদস্য দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত সাপেখাতিস্থিত সেনাবাহিনীৰ ৩১৫নং ফিল্ড ৰেজিমেণ্টৰ সহযোগত চৰাইদেউ জিলাৰ টিঙালিবাম অঞ্চলৰপৰা আন এজন নগা বিদ্ৰোহী সদস্যক পাঁচজাই গুলী আৰু এটা নাইন এম এম পিস্তলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সেনাবাহিনীয়ে৷ সেনাই সোণাৰি আৰক্ষীক চমজাই দিয়ে আটকাধীন সদস্য কেইজনক৷