নগাঁওঃ নগাঁও জিলাৰ কঠিয়াতলিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন৷

পথৰ মাজত চূৰ্ণ-বিচূৰ্ণ অৱস্থাত উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত এখন পিক্ আপ ভান৷ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ এ এছ ০১-জি চি ৯১৫১৷

চূৰ্ণ-বিচূৰ্ণ বাহনখনৰ ভিতৰতে উদ্ধাৰ হোৱা নিহত লোকজন গাড়ীখনৰ চালক বুলি সন্দে কৰা হৈছে৷ কেনেকৈ বাহনখন দুৰ্ঘটনাত পতিত হ’ল সেয়া অদ্যপি ৰহস্যাবৃত্ত৷ মালবাহী পিক্ আপ ভানখন নগাঁৱৰপৰা ডবকা অভিমুখে গৈ আছিল৷ কোনো গধূৰ বাহনে সন্মুখৰপৰা খুন্দা মাৰি দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে বুলি ৰাইজৰ সন্দেহ৷