নগাঁৱত পঞ্চায়ত নিৰ্বাচনত কৰ্মচাৰীক নিয়োগৰ ক্ষেত্ৰত ব্যাপক অনিয়ম
মৃত ব্যক্তি, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বদলি হোৱা কৰ্মচাৰী, এন আৰ চিৰ কামত নিযুক্ত কৰ্মচাৰীকো নিৰ্বাচনৰ দায়িত্ব

নগাঁওঃ অহা পাঁচ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যত বিষয়া-কৰ্মচাৰী নিয়োগ কৰাক লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ব্যাপক অনিয়ম আৰু বেমেজালি সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উল্থাপিত হৈছে। জিলা খনৰ পঞ্চায়ত নিৰ্বাচনৰ বিশেষ দায়িত্বত থকা জিলা খনৰ অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথে প্ৰিজাইডিং বিষয়া,পোলিং বিষয়া সকলক নিৰ্বাচনৰ কামত নিয়োজিত কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু চৰম বেমেজালি সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ কামত নিৰ্বাচনী বিষয়া(প্ৰিজাইডিং আৰু পোলিং) সকলৰ নিযুক্তিৰ নামত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী,মৃত কৰ্মচাৰীৰ নামতো নিৰ্বাচনী কৰ্তব্যৰ নিয়ুক্তি পত্ৰ প্ৰেৰণ কৰা হৈছে।নগাঁও জিলা প্ৰশাসনৰ এনে অবিবেচক কাণ্ডই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।প্ৰাপ্ত তথ্য অনুসৰি, গিৰীশ শংকৰ দাস নামৰ এজন মৃত কৰ্মচাৰীকো পোলিং বিষয়াৰ কৰ্তব্যত নিয়োগ কৰা হৈছে।আনহাতে, নগাঁও জিলাৰ পৰা ইতিমধ্যেই বদলি হৈ অন্য জিলাত কৰ্মৰত সৌৰভ শীল আৰু ৰীকুমণি পাটৰকো জিলা খনৰ পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যত নিয়োগ কৰা হৈছে। আনকি, ইতিপূৰ্বে চাকৰিৰ পৰা ইস্তফা দিয়া কৰ্মচাৰী ৰাজু কৌৰকো নিৰ্বাচনী কৰ্তব্যত নিয়োগৰ পত্ৰ প্ৰেৰণ কৰা হৈছে। এনেধৰণৰ বিভ্ৰাট জিলাখনত অসংখ্য হোৱা বুলি জিলা উপায়ুক্ত কাৰ্যালয়ৰ এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে।

তাৰোপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী আৰু আপত্তিৰ কাম চলি থকা অৱস্হাতো এন আৰ চিৰ কামত ব্যঘাত জন্মাই জিলা খনৰ বিভিন্ন এন এছ কেক কৰ্মৰত এন আৰ চিৰ ১৫৯২ জন বিষয়া-কৰ্মচাৰীক পঞ্চায়ত নিৰ্বাচনৰ কৰ্তব্যত নিয়োগ কৰা হৈছে।এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চিৰ কামত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীকেই পঞ্চায়ত নিৰ্বাচনৰ কামত নিয়োগ কৰি হাৰাশাস্তি নকৰিবলৈ আহ্বান জনোৱাৰ পাছতো নগাঁও জিলা প্ৰশাসনে জিলা খনৰ এন আৰ চিৰ কৰ্তব্যত নিয়োজিত ১৫৯২ জন কৰ্মচাৰীক নিৰ্বাচনৰ কৰ্তব্যত নিয়োগ কৰা কাৰ্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জিলা প্ৰশাসনৰ এনে কাৰ্যই এন আৰ চিৰ কামত ব্যাঘাত জন্মাব বুলিও বিভিন্ন দল সংগঠনে গুৰুতৰ অভিযোগ উল্থাপন কৰিছে। 

জিলাখনৰ পঞ্চায়তৰ নিৰ্বাচনৰ কৰ্তব্যত নিয়োজিত বিষয়া কৰ্মচাৰী সকলৰ একাংশৰ নিৰ্বাচনী কৰ্তব্যৰ পৰা আঁতৰোৱাৰ ক্ষেত্ৰতো ব্যাপক দুৰ্ণীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে।একাংশ মন্ত্ৰী, বিধায়ক,শাসকীয় দলৰ নেতা-পালিনেতাৰ নিৰ্দেশ মৰ্মে অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথে বহু বিষয়া-কৰ্মচাৰীক নিৰ্বাচনী কৰ্তব্যৰ পৰা ৰেহাই দিয়াৰ অভিযোগ উঠিছে। ইপিনে, জিলা উপায়ুক্ত কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে উৎকোচ লৈয়ো দুই এক বিষয়া-কৰ্মচাৰীৰ নাম নিৰ্বাচনী কৰ্তব্যৰ পৰা আঁতৰোৱাৰ অভিযোগ উত্থাপিত হৈছে।ইয়াৰ বিপৰীতে যিসকল বিষয়া-কৰ্মচাৰীয়ে চিকিৎসাজনিত অথবা অতন্ত্য জৰুৰী বিষয়ত নিৰ্বাচনী কতব্যৰ পৰা ৰেহাই বিচাৰি আবেদন কৰিছে তেওঁলোক অতিৰিক্ত উপায়ুক্ত দেৱনাথৰ ককৰ্থনাৰ সন্মুখীন হ'ব লগীয়া হৈছে । 

তাৎপৰ্যপূৰ্ণ বিষয় যে, অতিৰিক্ত উপায়ুক্ত দেৱনাথৰ দালালে নগাঁৱত পঞ্চায়ত নিৰ্বাচনত এতিয়া কাক-ক'ত দ্বায়িত্বত নিয়োজিত কৰিব আৰু কাক কিয় কি কাৰণে দ্বায়িত্বৰ পৰা ৰেহাই দিব সেইটো নিদ্বাৰণ কৰি চৰম বিশৃংখলতাৰ সৃষ্টি কৰাৰ গুৰুত্বৰ অভিযোগ উল্থাপিত হৈছে। নগাঁৱত অতিৰিক্ত উপায়ুক্ত হিচাপে নগাঁৱত যোগদান কৰাৰ পাছৰে পৰা সৰ্বসাধাৰণ ৰাইজক দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ উল্থাপিত হোৱা দুলাল দেৱনাথক কোনে নাকী লগাব তাক লৈও এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।

জয়ন্ত মুদৈ,নগাঁও