নগাঁওঃ যদি আপুনি নগাঁৱৰ বাসিন্দা তেন্তে সাৱধান৷ যদি আপুনি মদ্যপান কৰি গাড়ী চলাই তেন্তে আৰু সাৱধান হব’ৰ হ’ল৷ কিয়নো মদ্যপান কৰি গাড়ী চলোৱাৰ সময়ত নগাঁও আৰক্ষীৰ হাতত ধৰা পৰিলে আপুনি জীৱনত আৰু গাড়ী চলাব নোৱাৰিব৷ মদ্যপান কৰি গাড়ী চলোৱাৰ লগতে জানি-শুনি ভুনল কৰিলে আপোনাৰ লাইচেন্স খন বাতিল কৰিব৷ যাৰ ফলত সমগ্ৰ জীৱন এখন ল্ইচেন্সৰ বাবে হাহাকাৰ কৰিব থাকিব লাগিব আপুনি৷

উচ্চতম ন্যায়ালয়ে পৰিবহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পিছত ৰাজ্যৰ পৰিবহন বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে৷ পৰিবহন বিভাগে আইন উলংঘা কৰা চালক আৰু যানবাহনৰ গৰাকীৰ বিৰুদ্ধে লোৱা কঠোৰ পদক্ষেপৰ ফলত বিগত নৱেম্বৰ মাহত নগাঁও জিলাৰ মুঠ ১৩ জন চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হয়৷

জানিব পৰা মতে, দিলীপ গোৱালাৰ এ এছ ০২১৯৯২০০৩১০৬৫, ৰক্তিম লস্কৰৰ এ এছ ০২২৩১২০০৫৯০২৩, দেৱজিৎ শৰ্মাৰ এ এছ ০২২০১১০০০৮২৫০, জয়নাল হকৰ এ এছ ০২২০০১৫২২৫৫২০০, জইন উদ্দিন আহমেদৰ এ এছ ০২২০০৬০০২৮৩৪৭, তফজুল ইছলামৰ এ এছ ০২০১৩০০৩৭২৮০, শংকৰ চৌহানৰ এ এছ ০২২০১৫০০৬৩৪৩২, মহম্মদ ইছলামৰ এ এছ ০২১৯৯৯০০২২৩০৭, হৃদয় বৰাৰ এ এছ ০২২০১৫০০৬৮৬৭২, জয়ন্ত ডেকাৰ এ এছ ০২২০১৩০০২৭৮৯৮, ৰবিনচন সিংঙৰ এ এছ ০২২০১০০০০৫৮৯, ৰবীন দাসৰ এ এছ ০২২০২৫০০১১৪৫২ আৰু মানসজ্যোতি হাজৰিকাৰ ৪৮১৭২/১০/এন জি জি নম্বৰৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে ৷

নিয়ম বৰ্হিভূতভাৱে সুৰাপান কৰি যানবাহন চলোৱাৰ অভিযোগত এই চালক কেইজনৰ বিৰুদ্ধে এনে শাস্তি প্ৰদান কৰা হৈছে ৷ বিভিন্ন আৰক্ষী থানাৰ যানবাহন আৰক্ষীৰ পৰা পোৱা অভিযোগৰ ভিত্তিত নগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ে এই অভিযান চলাইছিল সুৰা সেৱনকাৰী চালকৰ বিৰুদ্ধে৷

অভিযানত নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ক মৰিগাঁও, শিৱসাগৰ আৰু গোৱালপাৰা জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ লগতে ভঙাগড় আৰু পানবজাৰ আৰক্ষী থানাৰ যানবাহন নিয়ন্ত্ৰণ আৰক্ষী, দিছপুৰ আৰু চানমাৰি মণ্ডলৰ যানবাহন নিয়ন্ত্ৰণ আয়ুক্ত পৰিদৰ্শক তথা ডবকা আৰক্ষী থানাই সহযোগিতা আগবঢ়াইছিল৷ পৰিবহন আইন-১৯৮৮ৰ ২১নং নিয়মৰ ১৭৭, ১৮৪, ১৮৫ আৰু ২৯০ ধাৰাৰ অধীনত সুৰাপানয়ী চালকৰ বিৰুদ্ধে লোৱা হৈছে এই কঠোৰ ব্যৱস্থা তথা শাস্তি৷