জয়ন্ত মুদৈ, নগাঁওঃ সৰ্বসাধাৰণ ৰাইজ, বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত আইনৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে মঙলবাৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত আইন বিষয়ক এক নাট প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়াই কয়, নাটৰ জৰিয়তে ৰাইজক আইনৰ জ্ঞান দিয়াটো এক অভিনৱ পদক্ষেপ।

এই জ্ঞান আহৰণ কৰি ছাত্ৰ-ছাত্ৰীসকল সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ গ’লেহে আজি গ্ৰহণ কৰা এই কাৰ্যসূচীৰ উদ্দেশ্য প্ৰকৃতাৰ্থত সফল হ'ব। উপায়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক আইনী জ্ঞান দিয়াৰ বাবে গ্ৰহণ কৰা আইন সেৱা প্ৰাধিকাৰীৰ প্ৰচেষ্টাক ভুয়সী প্ৰশংসা কৰি লগতে কয়, এয়া সমাজৰ কাৰণে এক যোগাত্মক দিশ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে কয়, আইন জনাটো সকলোৰে প্ৰয়োজন। কাৰণ আইন নাজানিলে ন্যায় কেনেকৈ পাব সেয়া জানিব পৰা নাযায়। আইনৰ জৰিয়তেহে এজন ব্যক্তিয়ে নিজৰ সকলো ধৰণৰ অধিকাৰৰ কথা জানিব পাৰে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে বৰ্তমান সময়ত আইনৰ প্ৰাথমিক জ্ঞান জনাটো সকলো নাগৰিকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়।

ভাষণ প্ৰসংগত তেওঁ মানুহৰ মানসিকতা সলনি কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ সময় সমাগত বুলি উল্লেখ কৰি এনে সজাগতামূলক কাৰ্যসূচীয়ে সমাজক নিশ্চিতভাৱে উৎসাহিত কৰিব বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে।

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে আঁত ধৰা অনুষ্ঠানটিত নগাঁও আইন মহাবিদ্যালয়ৰ অধ্যাক্ষ ড° সুজাতা ভট্টাচাৰ্য, বিদ্যালয়খনৰ অধ্যাক্ষ দিপীকা লস্কৰ, পেনেল অধিবক্তাদ্বয় ৰূপালী গোস্বামী আৰু শ্বেহনাজ চুলতানা, অৰ্ধ আইনী সহায়ক দ্বীপেন শইকীয়া, পংকজ কুমাৰ শৰ্মা, পাপুমনি বৰা, আশ্বাদ্দুল ইচলাম মুল্লা, বিতোপন কোঁৱৰ আদিকে ধৰি কেইগৰাকীও ব্যক্তি উপস্থিত থাকে।

উদ্ধোধনী অনুষ্ঠানৰ পাছত নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গাৰ্হস্থ্য হিংসা নিবাৰণী আইন, বাল্য বিবাহ নিষিদ্ধ আইন, শিশু শ্ৰমিক নিবাৰণ আৰু ব্যৱস্থাপনা আইন, মানসিক স্বাস্থ্য পৰিচৰ্যা আইন, জন্মৰ আগত ভ্ৰণ অৱস্থা নিৰূপন কৌশল অপব্যৱহাৰ নিষেধ আইন আৰু জ্যেষ্ঠ নাগৰিক তত্বাৱধান আইন আদি বিষয়ৰ ওপৰত মুঠ ৭ খনকৈ নাট প্ৰদৰ্শন কৰে।