
জয়ন্ত মুদৈ, নগাঁওঃ ১৯৯৮ চনতে নগাঁও জিলাৰ গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱাৰ কেইগৰাকীমান মহানুভৱ ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ বিদ্যা নিকেতনৰ ত্ৰি-বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে অনুষ্ঠিত কৰা হয়। নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনিৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই।
সমিতিৰ সভাপতি তৰুণ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক সুনীল বৰুৱাই। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বটদ্ৰৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই দিয়া চমু ভাষনত "বৌদ্ধিক আৰু আধ্যাত্মিক ভাবে পূৰ্ণ বিকশিত হৈ দেশ আৰু জাতিক সু-সংস্কৃতিবান কৰিবলৈ সমৰ্পিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।"
নগাঁও সংকুলৰ বিভাগ নিৰীক্ষক পৰান বৰুৱা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়ৰ সভানেত্রী নমিতা হাজৰিকা বৰা আৰু পৰাগজ্যোতি কলিতাই ভাষন প্ৰদান কৰা অনুষ্ঠানটিত শংকৰদেৱ বিদ্যা নিকেতনৰ পুৰণা সমিতিৰ হৈ সভাপতি তৰুণ পাঠকে পদত্যাগ কৰাৰ পিছত সভাৰ সৰ্বসন্মতি ক্ৰমে শিক্ষাবিদ ভোগেশ্বৰ বৰাক সভাপতি আৰু বেণুধৰ বৰুৱাক হিচাপে হিচাপ পৰীক্ষক হিচাপে লৈ আগন্তুক তিনি বছৰৰ বাবে নতুন সমিতিখন গঠন কৰা হয়।
দিলীপ দেৱগোস্বামী, বিপিন বৰা, জোনমনি ভূঞা, দীপক কৰ, প্ৰাঞ্জল হাজৰিকা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, কন্দৰ্প কুমাৰ কলিতাকে প্ৰমুখ্য কৰি শতাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানটিৰ পূৰ্বে নিকেতনখনৰ এখনি নৱ নিৰ্মিত তোৰন উন্মোচন কৰে নিকেতনৰ প্ৰতিষ্ঠাপক কৰ্মচাৰী পদ্ম কান্ত বৰাই।
ইফালে, পুৱাই নিকেতনখনত উপস্থিত হৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ২০১৬-১৭ বিত্তিয় বৰ্ষৰ আনটাইড ফাণ্ডৰ দ্বাৰা ১০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা দুটা শ্ৰেণীকোঠাৰ দ্বাৰ মুকলি কৰে। সভাত নিকেতন খনিৰ উন্নয়ণৰ বাবে সম্পাদক সুনীল বৰুৱাই গ্ৰহন কৰা পদক্ষেপক বিভিন্নজনে শলাগ লোৱাৰ উপৰিও শিক্ষানুষ্ঠানটিৰ উত্তৰণৰ স্বাৰ্থতে সম্পাদক হিচাপে তৃতীয়টো কাৰ্যকালৰ বাবে সুনীল বৰুৱাক ৰখাৰ বাবে সকলোয়ে সন্মতি প্ৰকাশ কৰে৷