নগাঁওঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে সময়ে সময়ে বিতৰ্কিত মন্তব্যৰে অসমীয়া ৰাইজৰ ৰোষত পৰি একাংশ বহুবল্কীয়ে ৰাজহুৱা ক্ষমা ভিক্ষা খোজাৰ লগতে ৰঙাঘৰত সোমাবলগীয়া হোৱাৰ পাছতো যেন শিক্ষা হোৱা নাই একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতাই৷ 

নিজৰ ৰাজনৈতিক বক্তব্যৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক টানি আনি অতি বিতৰ্কিত তথা টুলুঙা মন্তব্য দি এতিয়া গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থান তথা ৰাজ্যবাসীৰ ৰোষত পৰি তিৰস্কাৰৰ সন্মুখীন হৈছে বি জে পিৰ মুখপাত্ৰ মমিনুল আৱাল৷

'জাহা জাহা মুছলমান,তাহা তাহা কংগ্ৰেছ' -- শীৰ্ষক আপত্তিজনক মন্তব্যৰে কংগ্ৰেছ দলৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈক সমালোচনা কৰাৰ অভিপ্ৰায়েৰে নিজৰ বিতৰ্কিত সাম্প্ৰদায়িক ৰাজনৈতিক মন্তব্যক যথাৰ্থতা প্ৰদান কৰিবলৈ গৈ মহাপুৰুষ শংকৰদেৱৰ নামটো সাঙুৰি বি জে পিৰ মুখপাত্ৰ মমিনুলে সংবাদ মাধ্যমৰ আগত বক্তব্য কৰিছিল যে 'শংকৰদেৱে কৈছিল --- জাহা জাহা পানী, তাহা তাহা মাছ ৷ কিন্তু এতিয়া শংকৰদেৱ থকা হ'লে তেওঁ ক'লেহেঁতেন 'জাহা জাহা মুছলমান, তাহা তাহা কংগ্ৰেছ৷ 

উল্লেখ্য, শনিবাৰে মমিনুল আলমৰ এই বিতৰ্কিত বক্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই  মুখপাত্ৰগৰাকীৰ বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ছ'চিয়েল মিডিয়াত৷ ফেচবুকত হাজাৰ হাজাৰ লোকে এনেদৰে দায়িত্বজ্ঞানহীনভাৱে গুৰুজনাক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা কাৰ্যৰ বাবে মমিনুল আৱালক সমালোচনাৰে থকা-সৰকা কৰাৰ লগতে একাংশই বি জে পি নেতাগৰাকীৰ জ্ঞানৰ পৰিধিক লৈ তীব্ৰ শব্দবানেৰে অতি ব্যংগভাৱে ইতিকিং কৰা পৰিলক্ষিত হয়৷

এতিয়া বিজেপি দলৰ মুখপাত্ৰ তথা সংখ্যালঘূ উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱালে অসমীয়া জাতিৰ শিৰৰ মুকুটস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক কৰা অপমানসূচক মন্তব্য বিৰুদ্ধে জাঙুৰ খাই উঠিছে গুৰুজনাৰ জন্মস্থানৰ ভকত-বৈষ্ণৰ-আইমাতৃ তথা সত্ৰবাসী৷ সকলোৱে একেমুখে মমিনুল আৱালক গৰিহনা দিয়াৰ লগতে গুৰুজনাক লৈ কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ তীব্ৰ সকীয়নি প্ৰদান কৰিছে৷

বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৱালৰ বক্তব্যক চূড়ান্ত দায়িত্বহীন, জ্ঞানশূন্যহীন বুলি আখ্যা দি ৰাজনৈতিক কথাত গুৰুজনাক টানি অনা কাৰ্যৰ তীব্ৰ ভাষাৰে গৰিহনা দিছে৷ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ভোগেশ্বৰ বৰাই কয়, 'পৰমপুৰুষে দি থৈ যোৱা আমাৰ প্ৰকৃত ঐতিহ্য-সৌধক আক্ৰমণ কৰি তথা বক্তোক্তি কৰি বি জে পিৰ নেতা মমিনুল আৱালে আগবঢ়োৱা অতি বিতৰ্কিত বক্তব্যই গুৰুজনাৰ প্ৰকৃত পৰিচয় তথা ভাবমূৰ্তিত আঘাট হনা কাৰ্য আমাৰ অসমীয়া জাতিটোৰ বাবেই অতি দূৰ্ভাগ্যৰ বিষয়৷'

কাৰ্যকৰী সভাপতিগৰাকীয়ে আৰু কয়, 'শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আৰু বৈষ্ণৱ গুৰুসকল তথা বৰদোৱা থানখনৰ বিষয়ে পুংঙ্খানুপুংখ অধ্যয়ন নকৰাকৈ অনাগত সময়ত সংশ্লিষ্ট সকলোৱে যাতে কোনো মন্তব্য নকৰে তাৰ বাবে আহ্বান জনোৱা হৈছে ৷'

শংকৰী সাহিত্যৰ গৱেষক, বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি  ড° নৰেণ কলিতাই মমিনুল আৱালৰ বক্তব্যক অতি দুৰ্ভাগ্যজনক আখ্যা দি অসমীয়া কলা-সংস্কৃতি-সাহিত্য সম্পৰ্কে সাধাৰণ জ্ঞানকণো নথকা বাবেই শাসকীয় দলটোৰ মুখপাত্ৰ সংখ্যালঘু নেতাজনে এনে গৰ্হিত মন্তব্য প্ৰদান কৰিছে বুলি অতি আক্ষেপেৰে কয়৷

অসমীয়া জাতিৰ পৰমপূজ্য মহাপুৰুষ জনাক নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰি তেওঁ সমগ্ৰ অসমীয়া জাতি সত্তাই অপমান কৰা বুলি মন্তব্য কৰি বৈষ্ণৱ পণ্ডিতগৰাকীয়ে আৰু কয় যে এনে কাৰ্যৰ বাবে সংখ্যালঘু নেতাজনে গুৰুজনাৰ শ্ৰীচৰণত শিৰ নত কৰি ক্ষমা ভিক্ষা খুজিব লাগে৷ জাতি-মাতি-ভেটিৰ কথা কোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে দলৰ এনেবোৰ নেতাক সময় থাকোতেই নিয়ন্ত্ৰণ নকৰিলে দলটোৰ প্ৰতি ৰাইজৰ আস্থা নিশ্চিতভাৱে কমিব বুলি ড° কলিতাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

ইফালে,বটদ্ৰৱা থানতে অসমীয়াৰ আত্মাটো লুকাই থকা বুলি কৈ বিগত বিধানসভা নিৰ্বাচনত অসমীয়া ৰাইজৰ মাজত আৱেগত ঢৌ তুলি ৰাজপাটত বহা তথা বিগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সামৰি বটদ্ৰৱা থানত সাস্তাংগে সেৱা লোৱা জাতি-মাটি-ভেটিৰ প্ৰতি দায়বদ্ধ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এতিয়া অসমীয়া জাতিৰ প্ৰাণ-প্ৰতিষ্ঠাতা মহাপুৰুষ গুৰুজনাক বিতৰ্কিত মন্তব্য অপমান কৰা নিজ দলৰ মুখপাত্ৰ মমিনুল আৱালক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰিব পাৰিবনে বুলি প্ৰশ্ন কৰে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাই ৷

মহাপুৰুষ দুজনাৰ লগতে বৈষ্ণৱ গুৰুসকলক নাম ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা কাৰ্যক আছুৱে কোনো কাৰণতে সহ্য নকৰে বুলি উল্লেখ কৰি মমিনুল আৱালক তেওঁ কৰা মন্তব্য বাবে গৰিহনা দি
ভৱিষ্যতে সাৱধান হ'বলৈও সকীয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে৷

প্ৰকাশ যে,অসমৰ জাতীয় জীৱনৰ পুৰোধা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক লৈ যোগগুৰু ৰামদেৱৰ ব্যৱসায়িক এজেন্ট সতীলাল বাৰালে কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া মাৰ নৌ যাওঁতেই এইবাৰ বি জে পিৰ মুখপাত্ৰ মমিনুল আৱালে গুৰুজনাক লৈ কৰা চূড়ান্ত দায়িত্বজ্ঞানহীন বিতর্কিত তথা উপলুঙা সূচক মন্তব্যই গুৰুজনাৰ জন্মজিলা সমগ্ৰ নগাঁও জিলাতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জিলাখনৰ বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ লগতে নানা দল-সংগঠন তথা ব্যক্তি বিশেষে গুৰুজনা সম্পৰ্কে বি জে পিৰ মুখপাত্ৰজনে কৰা মন্তব্যক একেমুখে গৰিহণা দিয়াৰ লগতে চিৰনমস্য জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ  বিষয়ে তিলমানো জ্ঞান নথকাৰ বাবেই বি জে পিৰ বহুবল্কী নেতা গৰাকীকে আবুল-তাবোল বকিছে বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

গুৰুজনাক অসন্মানজনকভাৱে নিজৰ ৰাজনৈতিৰ স্বাৰ্থত ব্যৱহাৰ কৰি চূড়ান্ত গৰ্হিত তথা  জ্ঞানশূন্য কাৰ্য কৰা  মমিনুল আৱালক অসমবাসীৰ ওচৰত শীঘ্ৰে ক্ষমা খুজিবলৈ সকলোৱে দাবী জনাইছে৷