25
Feb
2019

নগাঁওঃ নগাঁও জিলাৰ জাজৰি আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ মাহেকীয়া সাহিত্য বৈঠকখন দেওবাৰে বিয়লি জাজৰি আৰক্ষী থানাৰ চৌহদত থকা গাঁওৰক্ষী বাহিনীৰ সভাগৃহত সম্পন্ন হয়।
শাখাৰ সভাপতি চফিকুল হকৰ সভাপতিত্বত সম্পন্ন হোৱা বৈঠকখনিৰ আৰম্ভনিতে মাজ জাজৰি গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতি মিণ্টু কোঁৱৰ আৰু আঞ্চলিক সদস্যা বিবি বৰাক শাখাৰ তৰফৰপৰা ফুলাম গামোছা আৰু সম্বৰ্দ্ধনা-পত্রৰে সন্মান জনোৱা হয়।
শাখাৰ উপ-সভাপতি ৰাহুল দেৱ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত বিকাশ হাজৰিকা, দিপজ্যোতি বৰা, ভৰত কেওঁট, নিলোফা চুলতানা, চফিকুল হক, শিশু কবি শান্তনু কৌশিক বড়া, কৌশিক কেওঁটকে ধৰি কুৰি গৰাকী কবিয়ে কবিতা পাঠ কৰে।
বৈঠকত অসম সাহিত্য সভাৰ কাৰ্যনিবাহক থগিত মহন্ত, নগাঁও জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ আবুল খায়েৰ আহমেদ, শাখাৰ প্ৰাক্তন সভাপতি নৰেন ডেকাও উপস্থিত থাকে।