নগাঁওঃ ‘কোনোৱে মোক সাম্প্ৰদায়িক মন্তব্য দিয়া বুলি ভাবিব পাৰে৷ আমি বেংগলী লোকসকলক দোষী সাব্যস্ত কৰা বুলি ভাবিব পাৰে৷ বেংগলী লোকসকলক বৰ্জন কৰা বুলি ভাবিব পাৰে৷ দোষী সাব্যস্ত কৰা বুলি ভাবিব পাৰে৷ কিন্তু কি কাৰণে এনেকৈ ক’বলৈ বাধ্য হৈছো সেয়া শুনক৷ বছৰ বছৰ তেওঁলোকে অসমৰ মাটিত আছে, অসমীয়াৰ লগত আছে৷ কিন্তু আজি তেওঁলোকে হিন্দু বাংলাদেশীৰ কথা কয়, হিন্দু বাংলাদেশীক সুৰক্ষা দিবলৈ যায়৷ লগতে এইটোও কও যে এতিয়া নতুনকৈ এনে এটা বেংগলী পৰিয়াল বিচাৰি নাপাও যিয়ে মোৰ মাতৃভূমিক শ্ৰদ্ধা কৰে, যিয়ে মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰে৷ সেই কাৰণে আমি বাংলাভাষীৰ অত্যাচাৰ সহ্য কৰা নহ’ব বুলি কৈছো৷’-নগাঁৱত আজি এইদৰে উদাত্ত ভাষণ আগবঢ়াই প্ৰাক্তন আলফা জিতেন দত্তই৷

উল্লেখ্য যে সতীৰ্থক অনা-অসমীয়া ব্যৱসায়ীৰ দল এটাই ষড়যন্ত্ৰমূলকভাৱে হত্যাৰ চেষ্টা চলোৱাত ক্ষোভিত হৈ পৰিছে প্ৰাক্তন আলফা৷ নগাঁৱৰ এটি বাংলা ভাষী পৰিয়ালে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত বান সাহায্য দিব বুলি মাতি নি মুন বৰা সহিতে ৬গৰাকী প্ৰাক্তন আলফাক হত্যাৰ চেষ্টা চলোৱা কাৰ্যক সহজে লোৱা নাই প্ৰাক্তন আলফাই৷ 

আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সম্পাদক অনুপ চেতিয়া, জিতেন দত্তসহ সকলোৱে গুজৰি উঠা পৰিলক্ষিত হৈছে৷ বৃহস্পতিবাৰে নিশাই শ শ গাড়ী লৈ উজনি অসমৰ কাকপথাৰ, ডিব্ৰুগড় আদিৰ পৰা প্ৰাক্তন আলফাৰ এটি বৃহৎ দল নগাঁও অভিমুখে ৰাওনা হয়৷ পুৱাই নগাঁৱত উপস্থিত হৈ নগাঁৱৰ বিভিন্ন লোকৰ সৈতে মত বিনিময় কৰে দলটোৱে৷ নগাঁৱত দপদপাই থকা একাংশ অনা-অসমীয়া লোকে প্ৰায়ে থলুৱা লোকক কটু ব্যৱহাৰ কৰাৰ লগতে তুচ্ছ-তাচ্ছিল্য কৰে বুলি প্ৰাক্তন আলফাক অৱগত কৰে৷ ইয়াৰ লগতে বাংলাদেশৰ পৰা অসমত সংস্থাপন কৰিব বিচৰা হিন্দু বাংলাদেশী সন্দৰ্ভত সংগ্ৰামৰ পোষকতা কৰে প্ৰাক্তন আলফা আৰু নগাঁৱৰ সচেতন লোকসকলে৷ 

দল-মত, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা নগাঁও কাণ্ডৰ প্ৰতিবাদ কৰিবলৈ আজি নগাঁৱত উপস্থিত হয় হাজাৰ হাজাৰ লোক৷ সমবেত লোকসকলে দিনৰ প্ৰায় ১০ বজাৰ পৰা নগাঁও চহৰত এটি সমদল উলিয়ায়৷ সশস্ত্ৰ সংগ্ৰাম এৰি মূল সূতিলৈ উভতি অহা ৰাজ্যৰ প্ৰাক্তন আলফাৰ আহ্বানত অনুষ্ঠিত সমদল আৰু সমাবেশ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি আলফা নেতা জিতেন দত্তই বিস্ফোৰক ভাষণ প্ৰদান কৰে৷ 

হাজাৰ হাজাৰ লোকৰ হাতৰ তালিৰ মাজত উদাত্ত ভাষণ প্ৰদাণ কৰি জিতেন দত্তই ক্ষোভিত হৈ কয়, ‘ৰাইজ কাকপথাৰৰ পৰা ইয়ালৈ দৌৰি আহিছো৷ আমি মৰিবও জানো, মাৰিবও জানো৷’

‘আমাৰ আজিৰ যুদ্ধখন চৌদিশে বিয়পি পৰিব লাগিব৷ আমি আগবাঢ়িমেই৷ ভৱিষ্যতে যাতে কোনো বাংলাভাষী নতুবা কোনো ভাৰতীয়ই নিৰপৰাধী অসমীয়া যুৱকৰ ওপৰত হাত তুলিবলৈ সাহস নকৰে তাৰ বাবে আমি একত্ৰিত হ’বই লাগিব, আমাৰ সংগ্ৰাম চৌদিশে বিয়পি পৰিবই লাগিব৷ অনাগত দিনত যাতে অনা-অসমীয়াই অসমীয়াৰ গাত হাত দিয়াৰ আগতে এশবাৰ ভাবিবলগীয়া হয় তাৰ বাবে আমি আজি আগবাঢ়িবই লাগিব৷'-অসমীয়া যুৱকক উদ্দেশ্যি দত্তৰ উদাত্ত আহ্বান।

জয় আই অসম ধ্বনি দি তেওঁ আৰু উদাত্ত কণ্ঠেৰে কয়, 'আৰু যদি এনেকৈ ভৱিষ্যতে আমাৰ মাতৃভূমিত কোনো অনা-অসমীয়াই এনেদৰে আইন হাতত তুলি লৈ অসমীয়া যুৱকৰ গাত হাত তোলা ঘটনাৰ পুনৰাবৃত্তি হয় তেন্তে মই আজি আপোনালোকৰ সমুখত স্পষ্ট ভাষাৰে ঘোষণা কৰিছো যে সমগ্ৰ অসমত থকা আমাৰ ১০ হাজাৰ তেজাল ডেকাক লৈ আমি পুনৰ হাতত অস্ত্ৰ তুলি ল’ম৷’

‘যদি কোনো অসমীয়াই আইন হাতত তুলি লৈ খিলঞ্জীয়া যুৱকক প্ৰহাৰ কৰে আৰু আমাৰ আৰক্ষী-প্ৰশাসনে একো নকৰি চাই থাকে, তেন্তে আমি জনাই থও যে আমিও আইন হাতত তুলি ল’বলৈ বাধ্য হ’ম৷’-মৰিবও জানো মাৰিবও জানো বুলি ঘোষণা কৰি কয় জিতেন দত্তই৷ 

তেওঁ সমগ্ৰ ঘটনাৰ বাবে বিজেপি নেতা কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাইকো দোষাৰোপ কৰে। 'এই ঘটনাৰ পৰা ৰাজেন গোহাইয়ো বাদ নপৰে। ৰাজেন গোহাই কোনো ধোৱা তুলসীৰ পাত নহয়। তেওঁৰ পিএই যদি আৰক্ষীৰ সমুখতে অসমীয়া যুৱকক প্ৰহাৰ কৰিব পাৰে, তেন্তে ৰাজেন গোহাইকো এই দোষত দোষী সাব্যস্ত হ’ব।’-অনাগত নিৰ্বাচনত অসমৰ জনগণে ইয়াৰ উত্তৰ ৰাজেন গোহাইক দিব বুলি উল্লেখ কৰি দত্তই কয়।

তেওঁ আৰু কয় যে আজিৰ প্ৰতিবাদস্থলীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে যুদ্ধবিৰত আলফাৰ বাবে অহা নাই। অসমীয়া যুৱকৰ বাবে সকলোৱে অসমীয়া হিচাপে প্ৰতিবাদস্থলীত সমবেত হোৱা বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। 'আমি প্ৰাক্তন আলফা, আত্মসমৰ্পণকাৰী আলফা বা যুদ্ধবিৰত আলফা হিচাপে ইয়ালৈ অহা নাই। আমি অসমীয়াৰ বাবে অসমীয়া হিচাপেহে ইয়ালৈ আহিছো। অসমীয়াৰ স্বাভিমানত আঘাত লগা বাবে আহিছো।’-জাতিৰ বিপদৰ সময়ত প্ৰতিজন অসমীয়াক নিজৰ উত্তপ্ত তেজ দেখুৱাবলৈ আহ্বান জনাই দত্তই কয়।

প্ৰাক্তন আলফা নেতাজনে সমগ্ৰ ঘটনাটোক পূৰ্ব পৰিকল্পিত আখ্যা দিয়ে। 'যিদিনাখন অসম চৰকাৰে মুকলিকৈ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া হ’ব বুলি ঘোষণা কৰিলে, যিদিনা হিন্দু বাংলাদেশীসকলক অসম চৰকাৰে আদৰণি জনাব বুলি ঘোষণা কৰিলে, ঠিক সেইদিনাৰ পৰা অসমত হিন্দু বাংলাদেশীসকলৰ দপদপনি আৰম্ভ হৈছে। আৰু এই ক্ষেত্ৰত তেওঁলোকক পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসমত দীৰ্ঘদিন ধৰি বসবাস কৰি হিন্দু বেংগলীসকলে।’-হিন্দু বাংলাদেশী প্ৰসংগত দীৰ্ঘদিন ধৰি বাস কৰি অহা হিন্দু বেংগলীসকলে নিজকে অসমীয়া বুলি পৰিচয় দি কিয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ নাই কৰা বুলি প্ৰশ্ন কৰি প্ৰাক্তন আলফা নেতাগৰাকীয়ে কয়। দত্তৰ এই মন্তব্যক 'জয় আই অসম’ ধ্বনিৰে সমৰ্থন জনাই হাজাৰ হাজাৰ অসমীয়াই।