গুৱাহাটীঃ হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ সন্দৰ্ভত সুবিধাজনক স্থিতিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বাংলাভাষী লোকে আক্ৰমণ কৰি ছহিদ বেদী ভাঙি পেলেৱাৰ লগতে কাৰ্যালয়ৰ আচবাব, মটৰচাইকেল ভাঙি চুৰমাৰ কৰিছিল।

যোৱা মে’ মাহৰ এই ঘঠনা অসমীয়াই আজিও পাহৰিব পৰা নাই৷ ধেমাজি জিলাৰ চিলাপথাৰত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমিতিয়ে এখন জনসভাৰ আয়োজন কৰিছিল।

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, হিন্দু বাংলাদেশীক ক্ষমতা প্ৰদান, ডি ভোটাৰ বাতিলকৰণ, বিদেশীৰ নামত হিন্দু বাঙালীৰ ওপৰত অত্যাচাৰ বন্ধ কৰা, ডিটেনশ্যন কেম্পত আৱদ্ধ হিন্দু বাঙালীক বিনাচৰ্তে মুক্তি দিয়াকে আদি কৰি একাধিক দাবীৰ সমৰ্থনত অনুষ্ঠিত বিশাল জনসভাৰ অন্তত সংগঠনটোৱে এটি সমদল উলিয়ায়।

সমদল কৰি গৈ থাকোতে চিলাপথাৰ চ'ক বজাৰত থকা চিলাপথাৰ আছুৰ কাৰ্যালয় পাৰ হৈ কাষতে একাংশ সমদলকাৰীয়ে আছুৰ কাৰ্যালয়ত শিলগুটি নিক্ষেপ কৰে। ৰাজ্যজুৰি হা চৈ সৃষ্টি হয়৷ দল-সংগঠন ৰাজ পথলৈ ওলাই আহে৷ সেই ঘটনাই তিনি মাহ পাৰ হৈ যোৱাৰ পাছত পুনৰ বাংলাভাষী লোকে আক্ৰমণ কৰিলে থলুৱাক৷

এইবাৰ স্থান নগাঁও৷ কেইগাৰকী মান প্ৰাক্তন আলফাক বান সাহায্য দিম বুলি মাতি নি হত্যাৰ চেষ্টা চলাই নগাঁৱৰ ব্যৱসায়ীয়ে৷ অনা-অসমীয়া ব্যৱসায়ীকেইজনে বান সাহায্য বিচাৰি যোৱা প্ৰাক্তন আলফা মুন বৰাক ডিঙিত বেল্ট মেৰিয়াই দেৱালত হেচুকি আৰক্ষীৰ সমুখতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে৷

ভিডিঅ’টো ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰাৰ পিছতে একাংশ লোকে সমগ্ৰ ঘটনাটোক আন দিশে লৈ যাবলৈ চলোৱা চেষ্টাত বাধা আহি পৰে৷ পুনৰ উত্তাল হৈ পৰিছে ৰাজ্য৷ বঙালীয়ে থলুৱাক আক্ৰমণ কৰাত ৰাজ্যজুৰি পুনৰ উত্তাল হৈ পৰে৷  

NNO কামপুৰঃ নগাঁৱত প্ৰাক্তন আলফাক পৰিকল্পিত ভাৱে অনা অসমীয়া ব্যৱসায়ীয়ে আক্ৰমণ কৰাৰ প্ৰতিবাদত কামপুৰত জোঁৰ সমদল উলিয়ায় প্ৰাক্তন আলফা আৰু কামপুৰৰ ৰাইজে। অনা অসমীয়া হুচিয়াৰ, অনা অসমীয়া দাদাগিৰি নচলিব, আৰক্ষী প্ৰশাসন হুচিয়াৰ আদি ধ্বনিৰে কামপুৰৰ আকাশ বতাহ কপাঁই দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰে ৰাইজে।

NNO মৰিগাঁওঃ নগাঁও চহৰত প্ৰাক্তন আলফাৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ খলনায়ক ৰাজু দাস সন্দৰ্ভত মৰিগাঁৱত শেহতীয়াকৈ নিত্য নতুন তথ্য পোহৰলৈ আহিছে। বিতৰ্কিত ৰাজু দাসৰ পৰিয়ালে এসময়ত মৰিগাঁও জিলাৰ ঝাৰগাৱত বসবাস কৰিছিল।

একাংশ লোকে প্ৰ্কাশ কৰা মতে, ৯০ চনত এইজন ৰাজু দাসে ঝাৰগাঁও চাৰিআলিৰ মনো দাসৰ মাটি ভাড়াত লৈ ওৱেলডিংৰ দোকান খুলি ব্যৱসায় আৰম্ভ কৰে। শণি দাসৰ পুত্ৰ ৰাজু দাসে সেই দোকান খনতে পাৱাৰ টিলাৰকে বিভিন্ন সামগ্ৰীৰ দুই নম্বৰী ব্যৱসায় চলাইছিল।

এদিন হঠাতে এই বিতৰ্কিত লোকজন অন্তৰ্ধা হয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকে৷ ধুৰন্ধৰ দাসে বেংকৰ পৰা লোৱা ঋণৰ বৃহৎ পৰিমানো পৰিশোধ কৰিবলৈ বাকী থকা বুলি প্ৰকাশ কৰে। ইফালে দাসৰ নাগৰিকত্ব সন্দেহজনক বুলি এটি সূত্ৰই আশংকা কৰে। আনহাতে দাসৰ শেহতীয়া কাণ্ডত থলুলা লোকসকল ক্ষোভিত হৈ পৰাৰ লগতে জিলাখনাৰ বিভিন্ন মহলে ৰাজু দাসৰ লগতে খিলঞ্জীয়াক আক্ৰমণ কৰা ঘটনাত জড়িত আটাইকেইজন লোকক কঠোৰ শাস্তি প্ৰদানৰ দাবা জনায়৷ 

NNO লালুকঃ প্ৰাক্তন আলফা সদস্যক প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদত বিহপুৰীয়াত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে জোৰ সমদল উলিয়ায় তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে আৰক্ষীয়ে আটক কৰা মুন বৰাক বিনা চৰ্ত্তে মুক্তি দিয়াৰ দাবী জনায়৷ অন্যথাই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷ প্ৰতিবাদকাৰীসকলে বিহপুৰীয়া নগৰত সমদল কৰি বহিৰাগত হুচীয়াৰ, বাংলাদেশী গ’বেক আদি ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

NNO চাবুৱাঃ প্ৰাক্তন আলফা মুন বৰাক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনাই সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই ব্যৱসায়ী জনে কু-চক্ৰান্তৰে মুন বৰাক বলিৰ পঠা সজোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে কাৰ্ষৰ পৰা বিৰত থাকিৱলৈ অাহ্বান জনায়।বিদেশী খেদা আন্দোলনৰ নামত আকৌ শৰাইঘাটৰ যুদ্ধ কৰিৱলৈ খিলঞ্জীয়া সাজু আছে বুলিও সকীয়াই দিয়ে সংগঠনটোৰ নেতাজনে।