নগাঁওঃ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনিত ৰূপায়িত হ’বলগীয়া বিভিন্ন উন্নয়নমূলক কাৰ্যৰ বাবে অসম চৰকাৰে ইতিমধ্যেই বিগত বিত্তীয় বৰ্ষতে আগবঢ়াইছিল তিনি কোটি পাঁচ লাখ টকা৷

এই ধনৰাশিৰে বটদ্ৰৱা থানত ৰূপায়ন কৰিবলগীয়া প্ৰকল্পৰ আনুষ্ঠানিক আধাৰশিলা দেওবাৰে স্থাপন কৰা হয়৷ বটদ্ৰৱা থানত সত্ৰীয়া ৰীতি-নীতিৰে নগাঁও জিলাৰ উপায়ুক্ত তথা চৰকাৰীভাৱে গঠিত শ্ৰীশ্ৰী বটদ্ৰৱা থান উন্নয়ন সমিতিৰ অধ্যক্ষ যাদৱ শইকীয়াৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতি সভাপতি তথা সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে আধাৰশিলা স্থাপনেৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে৷

শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰন সম্পাদক ইন্দ্ৰ মোহন বৰুৱা প্ৰমুখ্য কেইবাগৰাকীও বিষয়ববীয়া তথা কাৰ্যকৰী সদস্যৰ লগতে স্থানীয় ৰাইজ আৰু থান যাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানতে থানখনত আৰম্ভ হ’বলগীয়া উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত নৱ নিযুক্ত উপাযুক্তগৰাকীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে৷

উপাযুক্তগৰাকীয়ে থানখনৰ উন্নয়নৰ অৰ্থে অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ জৰিয়তে আগবঢ়োৱা তিনি কোটি পাঁচ লাখ টকাৰ সম্পূৰ্ণ সদ্ ব্যৱহাৰৰ জৰিয়তে কামৰ গতি ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে তেওঁ প্ৰত্যক্ষ নিৰীক্ষণত প্ৰতিটো আঁচনিৰ কাম আগবঢ়ায় নিয়া হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷

ইয়াৰ পাছতে উপায়ুক্তগৰাকীয়ে সমাগত দৌল উৎসৱ সন্দৰ্ভত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগত আলোচনাত মিলিত হৈ সুন্দৰ আৰু সুচাৰুৰূপে উৎসৱটি সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰপৰা সকলো প্ৰকাৰৰ সহায়-সহযোগ আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিয়ে৷

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে উপস্থিত ভক্তপ্ৰাণ ৰাইজে উদ্যমী প্ৰশাসনিক বিষয়াগৰাকীৰ তত্বাবধানত বটদ্ৰৱা থানে এক ন-ৰূপ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে৷