নগাঁওঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সাধাৰন সম্পাদকৰ দৰে সন্মানীয় তথা গুৰুত্বপূৰ্ণ পদৰ দায়িত্বত থাকি  ঐতিহাসিক বটদ্ৰৱা থানখনক গেৰুৱাকৰণ কৰাৰ পাছত বিগত পঞ্চায়ত নিৰ্বাচনত বি জে পিৰ হৈ মুকলিভাৱে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ব্ৰজেন কাকতি ৷

যোৱা ৩০ নৱেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বটদ্ৰৱা সমষ্টিৰ কপাহেৰা খেলপথাৰত অংশগ্ৰহণ কৰা বি জে পিৰ এখন নিৰ্বাচনী সভাত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ নিৰ্বাচনী এজেন্ট তথা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে সভাৰখনৰ আঁত ধৰি ভাষণ প্ৰসংগত কংগ্ৰেছ-অ গ পক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বি জে পিৰ হৈ ভোট বিচৰা কাৰ্যত চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

এই সন্দৰ্ভত আমি অসমৰ জনগণ কাকতত 'মুখ্যমন্ত্ৰীৰ সভাত বি জে পিৰ হৈ প্ৰচাৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদকৰ, থান পৰিচালনা সমিতিৰ ভিতৰ চ'ৰাত বিৰূপ প্ৰতিক্ৰিয়া, পদমৰ্যদাৰ কথা পাহৰিছে ব্ৰজেন কাকতীয়ে' শীৰ্ষক বাতৰি প্ৰকাশ হোৱাৰ পাছতেই সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ৷ 

একাংশ লোকে এই সন্দৰ্ভত পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰপৰা স্পষ্টীকৰণ বিচৰাৰ লগতে একাংশ দল-সংগঠন তথা পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যই সাধাৰণ সম্পাদক ব্ৰজেন কাকতিৰ কাৰ্যালয়ত তলা লগাই দিয়াৰো প্ৰস্তুতি চলাইছিল৷ 

অৱশেষত বটদ্ৰৱাবাসী ৰাইজৰ লগতে কাৰ্যনিৰ্বাহকত ব্যাপক তিৰস্কাৰৰ সন্মুখীন হোৱাৰ ভয়ত  উপায়ন্তৰ হৈ ব্ৰজেন কাকতীয়ে মনে মনে বটদ্ৰৱালৈ আহি সভাপতি দেবানন্দ দেৱ গোস্বামীৰ হাতত 'বেক ডেট'ত সাধাৰণ সম্পাদকৰ পদৰপৰা অব্যাহতি বিচাৰি পত্ৰ দাখিল কৰিছিল৷ 

সেই সময়তে সভাপতিয়ে কাকতিৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছিল যদিও কাৰ্যনিবাহকত অনুমোদন লোৱাৰ নিয়ম আছিল৷ শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিখনৰ সাধাৰণ সম্পাদকগৰাকীয়ে পদমৰ্যদা লংঘন কৰি ভিতৰ চ'ৰাত  এনেদৰে চূড়ান্ত বেমেজালিৰ সৃষ্টি কৰাৰ পাছত দেওবাৰে বটদ্ৰৱা থানত অনুষ্ঠিত হয় এখন  জৰুৰী কাৰ্যনিৰ্বাহক সভা৷

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত  বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰি পদত্যাগ কৰা ব্ৰজেন কাকতিক সাধাৰণ সম্পাদক পদৰপৰা তৎকালে বলবৎ হোৱাকৈ অব্যাহতি দিয়া হয়৷

ইয়াৰ পাছতেই সৰ্বসন্মতি ক্ৰমে বাছনি কৰা হয় নতুন সাধাৰন সম্পাদকক৷ বৰ্তমান সমিতিত সহকাৰী সম্পাদকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকা বটদ্ৰৱা শ্ৰীশ্ৰী শ'লগুৰি সত্ৰৰ আজীৱন সদস্য, সমাজসেৱক ইন্দ্ৰ মোহন বৰুৱাক নতুন সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে আজিৰ কাৰ্যনিবাহক সভাই৷

ইয়াৰোপৰি খালী হোৱা সহকাৰী সম্পাদকৰ পদত ৰাইদঙীয়াৰ আজীৱন সদস্য লক্ষী শইকীয়াক মনোনীত কৰে কাৰ্যনিবাহক সভাই৷ বটদ্ৰৱা অঞ্চলৰ সৰবৰাহী তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত সমাজসেৱক ইন্দ্ৰ মোহন বৰুৱাক বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব প্ৰদান কৰাত বৃহত্তৰ বটদ্ৰৱাবাসীয়ে সন্তোষ্টি প্ৰকাশ কৰাৰ লগতে গুৰুজনাৰ জন্মস্থানখনিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ পদটোক নিজৰ ব্যক্তিগত তথা ৰাজনৈতিক উথ্থানৰ বাবে ব্যৱহাৰ কৰি একপ্ৰকাৰ একনায়কত্ব আৰু নিকৃষ্ট লবী ৰাজনীতি আৰম্ভ কৰা ব্ৰজেন কাকতিক থানখনৰ গুৰুদায়িত্বৰ পৰা অব্যাহতি দিয়া কাৰ্যক সকলোৱে একেমুখে আদৰণি জনাইছে৷