নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত বেবেজীয়াৰ খাটগুৰি পথাৰত বিগত বৰ্ষৰ দৰে এইবাৰো তৃতীয় বাৰ্ষিক তিৱা বিহু (পিচু) উৎসৱটি বেবেজীয়া জনজাতি জ্ঞানজ্যোতি সংঘ আৰু পুথিভঁড়ালৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সক্ৰিয় সহযোগত অহা ২৭ জানুৱাৰীত দিনযোৰা কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰা হৈছে৷

এই মৰ্মে তপন বৰদলৈক সভাপতি, লক্ষী বৰদলৈক কাৰ্যকৰী সভাপতি, ধ্ৰুৱ বৰদলৈ, কামাখ্যা সোণোৱাল, দিগন্ত বৰদলৈ, টংকেশ্বৰ বৰা, ৰাজু বৰদলৈ আৰু নকুল সেনাপতিক উপ-সভাপতি তথা কল্যাণ বৰদলৈক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠন কৰা হৈছে৷

প্ৰকাশিত কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৮ বজাত সোনধৰ বৰদলৈয়ে পতাকা উত্তোলন কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰিব ভবেন বৰদলৈয়ে৷ ৯ বজাত ডেকা চাং উন্মোচন কৰিব বেবেজীয়া-ডিমৌ-বাংথাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত নাথে৷

১১ বজাৰপৰা অনুষ্ঠিত হ’ব এখনি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই শুভ উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত আগশাৰীৰ তিৱা শিল্পীৰদ্বাৰা মনোমোহা নৃত্য আৰু গীত পৰিৱেশন কৰা হ’ব৷

বিয়লি ৪ বজাৰ পৰা 'চিচিংফাক' কৌতুক গোষ্ঠীৰদ্বাৰা কৌতুক প্ৰদৰ্শন আৰু স্থানীয় যুৱক-যুৱতীৰদ্বাৰা গডালপৰীয়া গীতত নৃত্য পৰিৱেশনৰ অন্তত প্ৰীতিভোজৰদ্বাৰা উক্ত পিচু উৎসৱৰ সামৰণি পেলোৱা হ’ব বুলি বেবেজীয়া জনজাতি জ্ঞানজ্যোতি সংঘৰ সভাপতি জিতু বৰদলৈ আৰু সম্পাদক বিষ্ণুজ্যোতি বৰদলৈয়ে জানিবলৈ দিছে৷