16
Mar
2019

নগাঁওঃ যি সময়ত ৰাজ্যৰ চৌদিশে এচাম দুষ্ট চক্ৰই বন্য পশু-পক্ষী হত্যা কৰি ইয়াৰ মাংস, ছাল, দাঁত, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জাজৰিৰ বগৰিগুৰিত সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ তৎপৰতাত এটি দুস্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা মৃত্যুৰ মুখৰপৰা ৰক্ষা পৰে।
জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় ৮ বজাত সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে উপানন্দ বৰা আৰু সূৰ্য্য বৰা নামৰ দুজন ব্যক্তিৰ সৈতে বগৰিগুৰিৰ দ' পথাৰত অতি দুৰ্বল আৰু আঘাতপ্ৰাপ্ত অৱস্থাত এটি বৰটোকোলা প্ৰত্যক্ষ কৰে। পিছত সাংবাদিকগৰাকীয়ে পক্ষীটোক নিজ গৃহলৈ লৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নগাঁও বন্য প্ৰাণী সংৰক্ষণ বিভাগক খবৰ দিয়ে। পৰবৰ্তী কালত নগাঁও বন্য প্ৰাণী সংৰক্ষণ বিভাগৰ লোক আহি বৰটোকোলাটোক লৈ যায়। বৰ্তমান বৰটোকোলাটো চিকিৎসাধীন হৈ আছে বুুলি জানিব পৰা গৈছে।