নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নগাঁও গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সভা কক্ষত 'সঁহাৰি' শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়।

সভাখনিত সভাপতিত্ব কৰি জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে উচ্চ ন্যায়ালয়ৰ নিদ্দেশানুক্ৰমে দিব্যাংগ লোকসকলৰ অধিকাৰ আৰু ন্যায় প্ৰাপ্তিৰ দিশত বিশেষ ভাৱে সক্ষম-২০১৮ আইনখন সফল ৰূপায়নৰ বাবে লোবা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে|

উক্ত 'সঁহাৰি' কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অধিবক্তা শ্বাহনাজ চুলতানাৰ লগতে জিলা সমাজ কল্যান বিভাগৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

সভাখনিৰ শেষত উদ্যোক্তা আৰু সভাত উপস্থিত থকা অভ্যাগতসকলে গ্ৰাম্য পুথিভঁড়াল সন্থাৰ অধীনত থকা শিশু আৱাস গৃহ'নৱজীৱন' পৰিদৰ্শন কৰাৰ লগতে প্ৰতিবন্ধী শিশুসকলৰ অৱস্থাৰ বুজ লয়। 

বিশেষকৈ এই শিশু আৱাস গৃহত আশ্ৰয় লৈ থকা  হোজাইৰ যোগীজানৰ অপহৰণ কাণ্ডৰ ভুক্তভোগী দুবছৰীয়া শিশু নন্দনক সাক্ষাৎ কৰি শিশুটিৰ স্বাস্থ্যৰ বুজ লৈ কেনেদৰে শিশুটিক নিজৰ পৰিয়ালৰ লোকৰ হাতত চমজাই দিব পাৰি সেই সন্দৰ্ভত শিশু আৱাস গৃহৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰা হয়।

উল্লেখ্য যে,যোৱা ২৮ ছেপ্টেম্বৰত হোজাইৰ যোগীযানৰপৰা এটি এঘাৰ বছৰীয়া কিশোৰৰ সৈতে এই কণমানি শিশুটিক ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ একান্ত প্ৰচেষ্টাত একাংশ সচেতন লোকৰ সহযোগত উদ্ধাৰ কৰা হৈছিল।

পাছত হোজাই আৰক্ষীৰ সহযোগত শিশুটিক নগাঁৱৰ গ্ৰাম্য পুথিভঁড়ালৰ সন্থাৰ শিশু গৃহলৈ অনা হয় আৰু তেতিয়াৰেপৰা শিশু টিক এই শিশু আৱাস গৃহতে ৰখা হৈছে।

জানিব পৰা মতে, ত্রিপুৰাৰ দুবছৰীয়া এই শিশুটিক  উদ্ধাৰ কৰা সময়ত লগত থকা কিশোৰ জনে শিশুটিক ত্রিপুৰাৰপৰা অহা বুলি উল্লেখ কৰিছিল।