গুৱাহাটীঃ চিলাপথাৰ কাণ্ডৰ দ্বিতীয় সংস্কৰণৰ বিৰুদ্ধে জাগিছে ৰাজ্যৰ সাধাৰণ ৰাইজ৷ চিলাপথাৰ কাণ্ডৰ ছেকেণ্ড পাৰ্ট নগাঁও কাণ্ড আৰু ভয়ানক বুলি কৈ তেজ গৰম কৰিছে থলুৱা লোকসকলে৷ দল-সংগঠনৰ লগতে প্ৰাক্তন আলফাৰ নেতা-কৰ্মী ক্ষোভিত হৈ ৰাজ পথলৈ ওলাই আহে৷ যাৰ বাবে উত্তাল হৈ পৰিছে ৰাজ্য৷

একাংশ লোকে বিজেপি চৰকাৰ অহাৰ পাছৰে পৰা অনা-অসমীয়াৰ দপদপনি বঢ়া বুলি কৈ অসমীয়াক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰা বুলি কয়৷ হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ সন্দৰ্ভত সুবিধাজনক স্থিতিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বাংলাভাষী লোকে আক্ৰমণ কৰি ছহিদ বেদী ভাঙি পেলেৱাৰ লগতে কাৰ্যালয়ৰ আচবাব, মটৰচাইকেল ভাঙি চুৰমাৰ কৰিছিল।

যোৱা মে’ মাহৰ এই ঘটনাক অসমীয়াই আজিও পাহৰিব পৰা নাই৷ ধেমাজি জিলাৰ চিলাপথাৰত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমিতিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান, হিন্দু বাংলাদেশীক ক্ষমতা প্ৰদান, ডি ভোটাৰ বাতিলকৰণ, বিদেশীৰ নামত হিন্দু বাঙালীৰ ওপৰত অত্যাচাৰ বন্ধ কৰা, ডিটেনশ্যন কেম্পত আৱদ্ধ হিন্দু বাঙালীক বিনাচৰ্তে মুক্তি দিয়াকে আদি কৰি একাধিক দাবীৰ সমৰ্থনত অনুষ্ঠিত বিশাল জনসভাৰ অন্তত সংগঠনটোৱে এটি সমদল উলিয়ায়।

সমদল কৰি গৈ থাকোতে চিলাপথাৰ চ'ক বজাৰত থকা চিলাপথাৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল। দল-সংগঠন ৰাজ পথলৈ ওলাই আহে৷ সেই ঘটনাই তিনি মাহ পাৰ হৈ যোৱাৰ পাছত পুনৰ বাংলাভাষী লোকে আক্ৰমণ কৰিলে থলুৱাক৷ এইবাৰ নগাঁৱত আক্ৰমণ কৰে প্ৰাক্তন আলফাক৷

বান সাহায্য বিছাৰি যোৱা প্ৰাক্তন আলফাক বাংলাভাষী ব্যৱসায়ীয়ে হত্যাৰ চেষ্টা কৰা ঘটনাই উত্তাল কৰি ৰাখিছে ৰাজ্য৷ ধন দাবী কৰিবলৈ যোৱা বুলি মিছা অভিযোগ দি কেইবাজনো লোকে গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰি ডিঙিত বেল্টেৰে ছেপি ধৰি মুন বৰা নামৰ প্ৰাক্তন আলফাগৰাকীক হত্যাৰ চেষ্টা চলাইছিল৷

প্ৰথমে ঘটনাক একাংশ লোকে আন ফালে নিব বিছাৰিছিল যদিও চিচিটিভিৰ ফুটেজে স্পষ্ট কৰি দিয়ে যে, তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি হত্যাৰ চেষ্টা চলোৱা হৈছিল৷ জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি দাবী কৰা দল শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰ কাণ্ডৰ পিছত সংঘটিত এই কাণ্ডৰ বিৰুদ্ধে আজি শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ পথলৈ ওলাই আহে থলুৱালোক৷ ৰাজ্যৰ বিভিন্ন-দল-সংগঠনৰ নেতা-কৰ্মীৰ লগতে ৰাজ্যৰ ইমূৰ-সিমূৰলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ ৰাইজে অসমত কাৰো দপদপনি সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে৷ 

NNO গোৰেশ্বৰঃ প্ৰাক্তন আলফা, আক্ৰাছু আৰু আছুৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে বাক্সা জিলাৰ গোৰেশ্বৰ। নগাঁৱত বাঙলা ভাষী ব্যৱসায়ীয়ে বান সাহায্য নিবলা মাতি নি প্ৰাক্তন আলফা নেতাক হত্যাৰ চেষ্টা চলোৱাত ৰাজ্য উত্তাল হৈ পৰিছে৷ নগাঁও কাণ্ডৰ প্ৰতিবাদত আজি গোৰেশ্বৰ মুখ্য চ’ক বজাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে গোৰেশ্বৰ আঞ্চলিক আছু, আক্ৰাছু আৰু প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে। অসমীয়া খিলঞ্জীয়া যুৱকক বিনা দোষত মাৰপিট কৰা আৰু অযথা মিছা বদনাম দিবলৈ চেষ্টা কৰা ঘটনাৰ প্ৰতিবাদ জনাই দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনায় সংগঠনকেইটাই। প্ৰতিবাদকাৰী সকলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম বিৰোধী চক্ৰ হুচিয়াৰ, বিজেপি চৰকাৰ হায় হায় ধ্বনি দি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

NNO শুক্লাইঃ ভেৰগাঁৱৰ টংলাতো আজি কেইবাশতাধিৰ লোকে নগাঁও কাণ্ডৰ প্ৰতিবাদ জনায়৷ বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰ লগতে প্ৰাক্তন আলফাসকলে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে টংলাত৷ প্ৰতিবাদকাৰীসকলে হৰিশিঙা ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰি নগাঁও কাণ্ডৰ দোষীক শাস্তি দিয়াৰ দাবী জনায়৷

NNO চাবুৱাঃ প্ৰাক্তন আলফা মুন বৰাক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনাই সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই ব্যৱসায়ীজনে কু-চক্ৰান্তৰে মুন বৰাক মাতি নি বলিৰ পঠা সজোৱা বুলি কৈ ভৱিষ্যতে এনে কাৰ্ষ সংঘটিত নকৰিবলৈ সকলো পক্ষকে সকীয়াই দিয়ে৷ বিদেশী খেদা আন্দোলনৰ নামত আকৌ শৰাইঘাটৰ যুদ্ধ কৰিৱলৈ খিলঞ্জীয়া সাজু আছে বুলিও কয় সংগঠনটোৰ নেতাজনে।

NNO মঙলদৈঃ নগাঁৱত অনা অসমীয়াই বেপাৰীয়ে কোঠাৰ ভিতৰত অসমীয়া যুৱকক হত্যাৰ চেষ্টা চলোৱাত সমগ্ৰ ৰাজ্যৰ লগতে দৰং আৰু ওদালগুৰি জিলাৰ ৰাইজ  উত্তেজনা হৈ পৰিছে। চিচিটিভিৰ ফুটেজ প্ৰত্যক্ষ কৰি ক্ষোভিত ফাটি পৰিছে প্ৰাক্তন আলফা ঐক্য মঞ্চ৷ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ দৰং আৰু ওদালগুৰি জিলা সমিতিয়ে আজি জিলা খনৰ নামখোলাত জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। বহিৰাগতৰ দাদাগিৰি নচলিব, খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।