নগাঁওঃ বি জে পিৰ কলিয়াবৰ জিলা সমিতিৰ উপ-সভাপতি অতুল পাটৰসহ ছজন বি জে পি কৰ্মীৰ বিৰুদ্ধে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদত নমা প্ৰতিবাদকাৰীক মাৰপিট কৰা ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গোচৰ ৰুজু হোৱা ঘটনাই ৰাজনৈতিক মহলত বেচ চৰ্চা লাভ কৰিছে৷

জানিব পৰা মতে, নগাঁও জিলাৰ ৰাইদঙীয়াত সংঘটিত হোৱা উক্ত চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত বি জে পি গুণ্ডাবাহিনীৰ হাতত প্ৰহৃত হোৱা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কনক জিৎ দাসে ইতিমধ্যে জাজৰি থানাত এখন এজাহাৰ দাখিল কৰিছে৷

উল্লখ্য যে, যোৱা ৫ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়া বাছ আস্থানত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক অৰ্ধ উলংগ হৈ ক'লা পতাকা প্ৰদৰ্শন কৰিছিল।

প্ৰতিবাদকাৰীৰ এনে কাৰ্যত ক্ষোভিত হৈ বি জে পিৰ কলিয়াবৰ জিলা সমিতিৰ উপ-সভাপতি অতুল পাটৰৰ নেতৃত্বত একাংশ বি জে পি কৰ্মীয়ে আৰক্ষীৰ সন্মুখতেই  দলবদ্ধভাৱে প্ৰতিবাদকাৰীক প্ৰহাৰ কৰিছিল৷

আনকি, বিধায়িকা আঙুৰলতা ডেকা আৰু আৰক্ষীৰ সন্মুখতেই বি জে পিৰ গুণ্ডাবাহিনীয়ে আকস্মিকভাৱে কৰা আক্ৰমণত কেইবাজনো প্ৰতিবাদকাৰী আহত হোৱাৰ বিপৰীতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰা, লেপটপ আঁজুৰি আনি ভাগি পেলাইছিল।

পাছত এই ঘটনাই সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ ইফালে, গণতান্ত্ৰিকভাৱে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বিধায়িকাগৰাকীৰ লালিত-পালিত গুণ্ডাবাহিনীৰ আক্ৰমণৰ বলি হোৱা অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নগাঁও জিলাৰ কাৰ্যকৰী সভাপতি কনকজিৎ দাসে উক্ত মাৰপিট ঘটনাৰ উচিত ন্যায় বিচাৰি যোৱা ৬ ফেব্ৰুৱাৰীত স্থানীয় জাজৰি থানাত বি জে পিৰ  কলিয়াবৰ জিলা সমিতিৰ উপ-সভাপতি অতুল পাটৰ, বি জে পিৰ কৰ্মী ক্ৰমে মুকুটা কোঁচ, প্ৰাঞ্জল দাস, দীপক কলিতা, ধৰ্মেন্দ বৰা আৰু কংকনজিৎ বৰাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে৷

বৰ্তমান জাজৰি আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ২০/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও ৰাজনৈতিক হেঁচাৰ বাবেই দোষীক এতিয়ালৈকে আটক কৰা নাই বুলি জানিব পৰা গৈছে।