♦ নগাঁৱৰ ধূপগুৰিত দুৰ্গন্ধময় পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি আনিছে ভাবুকি

নগাঁওঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি সময়ত স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে প্ৰতিখন গাঁও, চহৰ-নগৰ, ৰাজ্য তথা আমাৰ চৌপাশ পৰিষ্কাৰ-পৰিছন্ন কৰি ৰখাৰ উদ্দেশ্যে নানা প্ৰকাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে, ঠিক তেনে সময়তে এক বিপৰীত ছবিহে প্ৰতিফলিত হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ধূপগুৰিত।
জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ধূপগুৰি অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ধূপগুৰি বজাৰত দেখা গৈছে এই দৃশ্য৷
বাণিজ্যিক প্ৰধান সদা অতি ব্যস্ততাপূৰ্ণ ধূপগুৰি বজাৰত জাৱৰ-জোঁথৰ পেলাবৰ বাবে কোনো সু-ব্যৱস্থা নথকাত ব্যৱসায়ীসকলে ফখৰুদ্দিন আলি আহমেদ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ উত্তৰ দিশত জাৱৰ পেলাই পৰিৱেশ প্ৰদূষিত কৰি আহিছে।
যাৰ ফলত আৱৰ্জনাৰপৰা ওলাই থকা দুৰ্গন্ধৰ বাবে অঞ্চলটোৰ বাসিন্দাসকল স্বাভাৱিকভাৱে চলা-ফুৰা কৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে।
তাৎপৰ্যপূৰ্ণ বিষয় যে,আৱৰ্জনাৰে দ'ম হৈ থকা ঠাইখনৰ গাতে লাগি আছে কেইবাখনো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান আৰু ধূপগুৰি শ্বাহী জামে মছজিদ৷ তদুপৰি নগাঁও-ধিং-মৈৰাবাৰী সংযোগী ৰাজ্যিক গড়কাপ্তানী পথটিও পাৰ হৈ গৈছে ইয়াৰ কাষেৰে৷
কিন্তু এনে এটি দুৰ্গন্ধময় পৰিৱেশৰ মাজেদিয়েই নাক কোঁচাই নিতৌ অহা-যোৱা কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী। যাৰ পৰিণতিত জনস্বাস্থ্য প্ৰতি ভয়াবহ ভাবুকি কঢ়িয়াই আনিছে উক্ত আৱৰ্জনাৰে উপচি থকা দ'মটোৱে। গতিকে স্বচ্ছতা অভিযানে ঢুকি নোপোৱা উক্ত ঠাইত অনতিপলমে ডাষ্টবিনৰ সু-ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি ভুক্তভোগী ৰাইজে দাবী জনাইছে।