নগাঁওঃ দুৰ্গা পূজাৰ দেৱী বিসৰ্জনৰ পাছত নদ-নদীৰ অপৰিষ্কাৰ ঘাটসমূহ পৰিষ্কাৰ কৰাৰ উদ্দেশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দ্দেশ মৰ্মে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি নগাঁও চহৰৰ নেহৰুবালিৰ দুৰ্গাপূজাৰ বিসৰ্জন ঘাট পৰিষ্কাৰ অভিযান চলেৱা হয়৷ জিলা আইন সেৱা প্ৰাধিকাৰীৰ অৰ্ধআইনী স্বেচ্ছাসেৱক-সেৱিকা আৰু পৌৰসভাৰ চাফাই কৰ্মীসকলৰ সহযোগত এই চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়৷  ‘স্বচ্ছতাই হৈছে সেৱা’ শীৰ্ষক স্বচ্ছ ভাৰতৰ চাফাই কাৰ্যসূচীৰ অধিবক্তা ৰূপালী গোস্বামী আৰু অৰ্ধআইনী স্বেচ্ছাসেৱকসকলৰ উপস্থিতিত জিলা ন্যায় প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে আনুষ্ঠানিকভাৱে মুকলি কৰে৷ জিলা ন্যায়সেৱা প্ৰাধিকাৰীৰ এই চাফাই অভিযানক নগাঁৱৰ সচেতন মহলে আদৰণি জনোৱাৰ লগতে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙ আৰু কৰ্মকৰ্তাসকলৰ এই কাৰ্যক প্ৰশংসা কৰিছে৷