নগাঁওঃ ৰাজ্যত আজিও অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়৷ বুধবাৰে নগাঁও জিলাৰ বৰিবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত শিলপুখুৰীৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ ঘটনাই এই কথাৰ প্ৰমাণ কৰে৷ 

বৰিবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত শিলপুখুৰীত দীৰ্ঘদিন ধৰি ড্ৰাগছ-নিচায়ুক্ত দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে শিলপুখুৰীৰ বাবুল আলিৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷

বৰিবজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ নাথ হাজৰিকাৰ নেতৃত্বত চলা অভিযানত বাবুল আলিৰ বাসগৃহৰ পাকঘৰৰ পৰা উদ্ধাৰ কৰে ২৮০টা কফ চিৰাপৰ বটল। আৰক্ষীয়ে বাবুল আলিক আটক কৰিবলৈ সক্ষম নহ'ল৷