♦ লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ নগাঁও জিলা প্ৰশাসন

নগাঁওঃ এপ্ৰিল মাহৰ ১১ তাৰিখৰপৰা দেশত ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন অসমৰ অন্যান্য জিলাৰ লগতে নগাঁও জিলাত সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণৰ দিশে আগবাঢ়িছে৷

সোমবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত নিৰ্বাচন সম্পৰ্কীয় সংবাদমেলত নগাঁও আৰু কলিয়াবৰ সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত যাদৱ শইকীয়াই এই সংসদীয় সমষ্টি দুটাত ভোটদান প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ 

ইপিনে কলিয়াবৰ সংসদীয় সমষ্টিৰ বাবে অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞাক সহকাৰী ৰিটাৰ্ণিং বিষয়া হিচাপে নিযুক্তি দিয়া বুলি উপায়ুক্তগৰাকীয়ে সদৰী কৰে অহা ১৮ মাৰ্চত অধিসূচনা জাৰি হ’বলগীয়া কলিয়াবৰ সংসদীয় সমষ্টিৰ লগতে নগাঁও সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীসকলে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন-পত্র দাখিল কৰিব লাগিব৷

মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২৫ মাৰ্চ, মনোনয়ন-পত্র পৰীক্ষা ২৬ মাৰ্চত আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন ২৮ মাৰ্চ ধাৰ্য কৰা হৈছে। কলিয়াবৰ সংসদীয় সমষ্টিত ১১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। 

সংবাদমেলত ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে জানিবলৈ দিয়া তথ্য অনুসৰি, কলিয়াবৰ সংসদীয় সমষ্টিত মুঠ ভোটাৰ সংখ্যা হ’ল ১৭,১০,৯০০ গৰাকী। ইয়াৰে ৮,৭৪,৩১৭ জন পুৰুষ আৰু ৮,৩৬,৫৭৯ গৰাকী মহিলা ভোটাৰ আছে। কলিয়াবৰ সংসদীয় সমষ্টিটোৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ ভোটাৰৰ বিতং সংখ্যা ক্ৰমে নগাঁও জিলাৰ বটদ্ৰৱাত ১,৫২,৭৬৪ ধিঙত ২,১২,০৪৬ ৰূপহীহাটত ১,৮৫,৭৩৮ চামগুৰিত ১,৫৫,২৮১ কলিয়াবৰত ১,৩৫,৫৫১ গোলাঘাট জিলাৰ গোলাঘাটতত ১,৯১,৭৮৭ বোকাখাতত ১,৩৯,৪৫৭ সৰুপথাৰত ২,৪৭,৯১৬ খুমটাইত ১,৩০,০৭৮ আৰু যোৰহাট জিলাৰ একমাত্ৰ সমষ্টি দেৰগাঁৱত ১,৬০,২৮২ গৰাকী ভোটাৰ আছে। 

কলিয়াবৰ সংসদীয় সমষ্টিটোত মুঠ ভোট গ্ৰহণ কেন্দ্ৰঃ ২,১৭৪ টা আৰু ‘ডি’ ভোটাৰ আছে ১০,৭৩৪ গৰাকী। ইয়াৰে বটদ্ৰৱাত ১৪৯৮ কলিয়াবৰত ৯৩০ গৰাকী ধিঙত ৩০৯৭ গৰাকী ৰূপহীহাটত ১৬৮৯ চামগুৰিত ১৫১৪ বোকাখাটত ২১৪ সৰুপথাৰত ১০৪৪ গোলাঘাটতত ৫০৭ খুমটাইত ২৩৯ দেৰগাঁৱত মাত্ৰ ২ গৰাকী ডি ভোটাৰ আছে। 

আনহাতে, সংসদীয় সমষ্টিটোত ছাৰ্ভিচ ভোটাৰৰ সংখ্যা হ’ল ৩,১৯১ গৰাকী। ইয়াৰ বিপৰীতে সৰ্বমুঠ ১৭,৭৪,৪৬৫ গৰাকী ভোটাৰ আছে ১০ নং নগাঁও সংসদীয় সমষ্টিত। ইয়াৰে পুৰুষ ৯,১১,১৯৮ গৰাকী আৰু মহিলা ভোটাৰ আছে ৮,৬৩,২১৭ গৰাকী। নগাঁও সংসদীয় সমষ্টিটোৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা ক্ৰমে মৰিগাঁও জিলাৰ মৰিগাঁও বিধানসভা সমষ্টিত ১,৮৩,৬৩১ গৰাকী অনুসূচিত জাতিৰ বাবে সংৰক্ষিত, জাগীৰোড সমষ্টিত ২,২১,৭৩০, লাহৰীঘাটত ১,৭৩,৪০৮ নগাঁও জিলাৰ নগাঁও সদৰ সমষ্টিত ১,৭৪,৪১১ গৰাকী, অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰহাত ২,৫৩,৩৬৬ বঢ়মপুৰত ১,৭০,৭৮৭ হোজাই জিলাৰ হোজাই বিধানসভা সমষ্টিত ২,৪৩,০৭২ গৰাকী, যমুনামুখত ১,৯৯,৪৪৭ আৰু লামডিঙত ১,৯৭,৬০৪ গৰাকী ভোটাৰ আছে। 

সমষ্টিটোত ছাৰ্ভিচ ভোটাৰ আছে ৩,৭৬৫ গৰাকী৷ সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২,২৮৩৷ ইফালে, নগাঁও সংসদীয় সমষ্টিটোত ‘ডি’ ভোটাৰ আছে ৯,৯৩৭ গৰাকী৷ ইয়াৰে নগাঁৱত ৬০৬ গৰাকী, জাগীৰোডত ৩,৫৮৬ মৰিগাঁৱত ৬৬৮ লাহৰীঘাটত ৪৬৭ ৰহাত ১,৭৭৭ বঢ়মপুৰত ২৮৯ যমুনামুখত ৩৫৩ হোজাইত ১,৮১৪ আৰু লামডিঙত ‘ডি’ ভোটাৰৰ সংখ্যা হ’ল ৩৭৭ গৰাকী।

১৯ মাৰ্চত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ’ব নগাঁও সংসদীয় সমষ্টিত। মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২৬ মাৰ্চ। ২৭ মাৰ্চত মনোনয়ন পৰীক্ষা আৰু ২৯ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হিচাপে ধাৰ্য কৰা হৈছে৷ ১৮ এপ্ৰিলত ভোটগ্ৰহণৰ হ’ব নগাঁও সংসদীয় সমষ্টিত। জিলা উপায়ুক্ত তথা ৰিটাৰ্নি বিষযাগৰাকীয়ে সদৰি কৰা মতে নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনত ৭টা 

বিধানসভা সমষ্টিত ক্ৰমে নগাঁও সদৰ, চামগুৰি, বঢ়মপুৰ, ৰহা, ৰূপহীহাট, ধিং আৰু বটদ্ৰৱাত নিৰ্বাচন পৰিচালনা হ’ব। মুঠ ১,৫২০টা ভোট গ্ৰহণ কেন্দ্ৰ আছে নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনত। ইয়াৰে জটিল ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১৪৬টা। 

উল্লেখ্য, সংসদীয় সমষ্টি দুটাৰ অন্তৰ্গত আন বিধানসভা সমষ্টিৰ নিৰ্বাচন সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু মহকুমাধিপতিৰ তত্ত্বাৱধানত পৰিচালিত হ’ব। নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ তত্ত্বাৱধানত নিৰ্বাচন পৰিচালনাৰ বাবে মুঠ ২৭টা জ’ন আৰু ১২৬টা ছেক্টৰ হিচাপে ভাগ কৰা হৈছে। 

ইতিমধ্যে প্ৰশিক্ষণ সম্পন্ন হৈছে জ’নেল আৰু ছেক্টৰ বিষয়াসকলৰ। অন্যান্য নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ আৰম্ভ হ’ব ১৩ মাৰ্চৰপৰা। সোমবাৰৰপৰা আৰম্ভ হৈছে বিধিগতভাৱে নিৰ্বাচনী আচৰণ বিধি৷ নিৰ্বাচনী আচৰণ বিধি অনুসৰি চৰকাৰী আঁচনিৰ হৰ্ডিং, বেনাৰ, ফেষ্টুন আদিত থকা ৰাজনৈতিক নেতা, মন্ত্ৰী, বিধায়ক আদিৰ ফটো আঁতৰ কৰাৰ কাম আৰম্ভ কৰা হৈছে বুলিও উপায়ুক্তগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে৷ 

তদুপৰি এইবাৰ ই ভি এমত ব্যৱহাৰ হ’বলগীয়া ভি ভি পেটৰ সন্দৰ্ভত আৰম্ভ কৰা হৈছে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অভিযান৷ ভি ভি পেড সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে ভি ভি পেড সন্নিবিষ্ট কে’বাখনো বাহন শুভাৰম্ভ কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই৷ গুৰুত্বপূৰ্ণ সংবাদমেলখনত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ জিলাখনতে স্থাপন কৰা ১,৬০৩টা ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইয়াৰে মৰিগাঁও সমষ্টিৰ অন্তৰ্গত ৩০টা ভোটগ্ৰহণ কেন্দ্ৰও আছে বুলি তেওঁ উল্লেখ কৰে।  যিকোনো জৰুৰী আকস্মিক ঘটনাৰ লগতে সকলো ধৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে নগাঁও আৰক্ষীয়ে সমগ্ৰ নিৰ্বাচনী জিলাখনতে ২৪ টাকৈ ফ্লায়িং স্কোৱাৰ্ড আৰু এছ এইচ টি টীমে ২৪ ঘন্টাই টহল দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰে।

নগাঁও জিলাত দুটা পৰ্যায়ত হ’বলগা সংসদীয় নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা আৰু সম্পন্ন কৰাৰ উদ্দেশ্যে ইতিমধ্যে নগাঁও জিলা আৰক্ষীয়ে ২৫টা নিৰাপত্তা বাহিনীৰ কোম্পানীৰ বিচাৰি অসম আৰক্ষীক আবেদন জনোৱা হৈছে বুলি আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে সংবাদমেলখনত জানিবলৈ দিয়ে।

জিলা নিৰ্বাচনী বিষয়া ৰাজ বৰুৱা, নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, জনসংযোগ বিষয়া সমৰ কলিতাকে ধৰি বহুবিষয়া-কৰ্মচাৰী সংবাদমেলখনত উপস্থিত থাকে।