নগাঁওঃ নগাঁও জিলাৰ টুকটুকী নিবাসী ইয়াদ আলীৰ পুত্ৰ বিশিষ্ট সমাজ সংগঠক, শিক্ষক তথা সৰবৰহী ব্যক্তি আনিচুৰ আলমৰ বুধবাৰে দেহাৱসান ঘটে৷

কেইদিনমানৰ পূৰ্বে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত আলমক সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে তেওঁ অকাল মৃত্যুক সাৱটি লয়।

মৃত্যুৰ সময়ত দুকুৰি বছৰ গৰকা আলম উত্তৰ ৰৌমাৰী এ এইচ এ হাইস্কুলত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত হৈ আছিল৷ এগৰাকী  অমায়িক, ভদ্ৰ তথা সৎ সমাজহিতৈষী ব্যক্তি হিচাপে পৰিচিত আলম ইছলামিক তবলীগী জামাতৰ লগত  ওতপ্ৰোতভাৱে জড়িত থকাৰ উপৰিও বৃহত্তৰ অঞ্চলটোত ছাত্ৰ- ছাত্ৰীসকলক ইংৰাজী ভাষাৰো শিক্ষা প্ৰদান কৰিছিল। তেওঁ নিজেও ইংৰাজী ভাষাত কথা কোৱাত পাৰ্গত আছিল।

তেওঁ কটহগুৰি আঞ্চলিক  ঈদগাহ সমিতিৰ  প্ৰাক্তন সম্পাদক, কটহগুৰি  আঞ্চলিক জামে মছজিদ, টুকটুকী-কটহগুৰি  দাৰুল উলুম মাদ্ৰাছাৰ প্ৰাক্তন সম্পাদক, কটহগুৰি এ ইউ হাইস্কুল, টুকটুকী বানাত মাদ্ৰাছাৰ সদস্য থকাৰ  উপৰিও বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত হৈ সমাজৰ উন্নতিৰ বাবে নিষ্ঠাসহকাৰে সেৱা আগবঢ়াই আহিছিল।

তেওঁৰ মৃত্যুত কটহগুৰি সচেতন নাগৰিক মঞ্চৰ সম্পাদক ড৹ মানিক উজ জামান, কটহগুৰি  মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ  সম্পাদিকা  শিবামণি বৰা, বটদ্ৰৱা  ব্লক কংগ্ৰেছ কমিটীৰ  সভাপতি  নৰুল আমিন, সাধাৰণ সম্পাদক  জুলফিকাৰ হক চৌধুৰী, অধিবক্তা আমিনুল হক ফকিৰ, বিশিষ্ট সমাজ সেৱক ৰেইহান উদ্দিন চৌধুৰী, বটদ্ৰৱা প্ৰেছ ক্লাবৰ  উপ-সভাপতি দিব্যজ্যোতি বৰুৱা, সাংগঠনিক সম্পাদক দিলদাৰ হুছেইন, জাজৰি প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত মুদৈ, সম্পাদক ৰাহুল দেৱ বৰদলৈ, কটহগুৰি সমবায় সমিতিৰ সভাপতি শ্বহিদুল ইছলাম, উত্তৰ ৰৌমাৰী এ এইচ এ হাইস্কুলৰ  শিক্ষক  গোট, ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজনে প্ৰয়াত শিক্ষাবিদ আনিচুৰ ৰহমানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

ইফালে, আজি  দিনৰ ৯ বজাত  টুকটুকী-কটহগুৰি দাৰুল উলুম মাদ্ৰাছাৰ খেলপথাৰত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত বহুগুণধাৰী এই ব্যক্তিজনে পত্নী, দুই অবুজ কণমানী কন্যা সন্তান, পিতৃ-মাতৃৰ লগতে বহুতো ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

তেওঁৰ মৃত্যুত বৃহত্তৰ টুকটুকী  অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷