
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি নিবাসী সু-অভিনেতা তথা সৰবৰহী যুৱক মনোজ নাথৰ মঙলবাৰে বিয়লি প্ৰায় ডেৰ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে৷ দীৰ্ঘ দিন ধৰি যকৃতজনীত ৰোগত ভুগি থকা যুৱকজনক নগাঁও, শ্বিলং, গুৱাহাটী আদিত চিকিৎসা প্ৰদান কৰাৰ পাছত বৰ্তমান ঘৰতে ৰাখি চিকিৎসা কৰি থকা হৈছিল৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৫ বছৰ৷ স্থানীয় বিভিন্ন সামাজিক, ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপোতভাৱে জড়িত থকা সৰবৰহী যুৱক নাথে এগৰাকী সুদক্ষ অভিনেতা হিচাপে ৰাইজৰ মাজত পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল৷
বেবেজীয়া, জামুগুৰি আদি অঞ্চলত প্ৰদৰ্শিত নাট আৰু ভাওনা কৰা তেওঁৰ বলিষ্ঠ অভিনয় দৰ্শক ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব৷ বেবেজীয়া চাৰিআলিত এটি কম্পিউটাৰ ইনষ্টিটিউট স্থাপনেৰে নিজৰ পৰিয়াল পোহপাল দি অহা সৎ আৰু সদা হাস্যময়ী নাথৰ অকাল বিয়োগত বেবেজীয়া আৰু জামুগুৰিত গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে৷
তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ কন্যা সন্তানৰ লগতে মাতৃ, এজন ভাতৃসহ বহু আত্মীয়-স্বজন ইহসংসাৰত এৰি থৈ যায়৷