♦ লুটপাত-আক্ৰমণ কৰি আহত কৰিলে ১৯ জনক
♦ সাৰি নগ’ল মহিলা-শিশুও

নগাঁওঃ নগাঁও জিলাৰ ধিঙত যোৱা নিশা সংঘটিত হ’ল লোমহর্ষক ডকাইতিকাণ্ড। ধিঙৰ ঢাকাইবস্তিৰ ৯ টাকৈ ঘৰত নিশা লুটপাত চলাই প্ৰায় ২৫ লক্ষ টকাৰ নগদ ধন আৰু সা-সম্পত্তি লৈ যায় ২০-২৫ জনীয়া এটা ডকাইতৰ দলে।
মুখত ক’লা কাপোৰ বান্ধি সেনাৰ পোছাকত হাতত এ কে-৪৭ আৰু পিষ্টলৰ লগতে চোকা অস্ত্ৰৰে সু-সজ্জিত হৈ আহিছিল ডকাইতৰ দলটো।
ডকাইতৰ দলটোক পৰিয়ালকেইটাৰ লোকে বাধা দিয়াত ডকাইতৰ আক্ৰমনত মহিলা আৰু শিশুসহ ১৯ গৰাকী লোক আহত হয়। ইয়াৰে ফজিলা খাতুন আৰু মন্নাচ আলীৰ অৱস্থা সংকটজনক।
পৰিয়ালকেইটাৰ কেইবাগৰাকী কিশোৰী, যুৱতী আৰু মহিলাক ডকাইতে অশালীন ব্যৱহাৰ কৰাৰ লগতে ধৰ্ষণৰো চেষ্টা চলায়।
ইতিমধ্যে ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ডকাইতৰ দলটোৰ কোনো সদস্যক।
ইয়াকে লৈ এতিয়া সমগ্ৰ ধিং অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, ধিঙৰ বিভিন্ন ঠাইত নিশাতো বাদেই দিন-দুপৰতে সঘনাই সংঘটিত হৈ আহিছে চুৰি-ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা। কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সেণোৱালৰ গৃহ বিভাগেৰে ধিং আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই কোনো এটা চোৰ- ডকাইতক।
যাৰ ফলত নিৰাপত্তাহীণতাত ভূগিছে ধিঙৰ সাধাৰণ জনতা। ইপিনে, স্থানীয় লোকে ধিং আৰক্ষীৰ নীৰৱ ভূমিকাক গৰিহণা দিয়াৰ লগতে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰে ঘটনাস্থলীত।
ভূক্তভোগী লোকৰ মতে, এই সমগ্ৰ ডকাইতিৰ ঘটনাত জড়িত আছে ধিঙৰ ৰৌমাৰীৰ কুখ্যাত অপৰাধী ফকৰ উদ্দিন নামৰ এজন লোক। কিয়নো যোৱা ২৭ ডিচেম্বৰত ভূক্তভোগী পৰিয়ালকেইটাৰ ঘৰত অবৈধ মাৰণাস্ত্ৰ থকাৰ অভিযোগ তুলি ফকৰ উদ্দিনে সেনা আৰু আৰক্ষীক লগত লৈ অভিযান চলাইছিল পৰিয়ালকেইটাত।
ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিতেই এনেধৰনৰ ঘটনা সংঘটিত হোৱা বুলি জনায় ভূক্তভোগী পৰিয়ালে।আনহাতে কুখ্যাত অপৰাধী ফকৰ উদ্দিনৰ লগত সেনা আৰু আৰক্ষীৰে সু-সম্পৰ্ক আছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।